ডিব্ৰুগড়ত হজ যাত্ৰীৰ প্ৰশিক্ষণ: ডিব্ৰুগড়ৰ পৰা ৩৬ গৰাকী অসমৰ পৰা চাৰি হাজাৰ

ডিব্ৰুগড়ত হজ যাত্ৰীৰ প্ৰশিক্ষণ: ডিব্ৰুগড়ৰ পৰা ৩৬ গৰাকী অসমৰ পৰা চাৰি হাজাৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতি বছৰৰ দৰে এই বছৰো ডিব্ৰুগড়ৰ পৰা আৰবৰ মক্কা মদিনালৈ পৱিত্ৰ হজ সমাপন কৰিবলৈ যাব। এই উদ্দেশ্যে ১৬ তাৰিখে স্হানীয় ঈদগাহ প্ৰাঙ্গণৰ কমিউনিটি হলত ৩৬ গৰাকী হজ যাত্ৰীক প্ৰশিক্ষণ দিয়ে দুগৰাকী অভিজ্ঞ সম্পন্ন প্ৰশিক্ষক আলহজ পাৰভেজ মুন্নাফৰ ৰহমান আৰু আলহজ শেইখ মহম্মদ ছামিৰুল হকে। ডিব্ৰুগড়ৰ পৰা হজলৈ যাব লগীয়া ৩৬ গৰাকীৰ ভিতৰত ২০ গৰাকী পুৰুষ আৰু ১৬ গৰাকী মহিলা। ডিব্ৰুগড় জিলাৰ হজ কমিটিৰ সহযোগত পুৱা বিশ্ব শান্তিৰ আৰু সকলোৰে মঙ্গল কামনাৰে দোৱা প্ৰাৰ্থনা কৰা অনুষ্ঠানটোত অন্যান্যৰ লগতে ডিব্ৰুগড়ৰ ঈদগাহ কমিটিও সহযোগ আগবঢ়ায়। অনুষ্ঠানটোত এশৰো অধিক লোক সমবেত হয় বুলি সমিতিৰ উদ্যোক্তা সকলৰ পৰা জানিবলৈ দিয়ে। এই বছৰ অসমৰ পৰা পৱিত্ৰ হজলৈ চাৰি হাজাৰ জন পুৰুষ মহিলাই অহা মে মাহৰ ৯ আৰু ১৬ তাৰিখে দুটা ফেজত সম্ভৱপৰ যাব পাৰে বুলি অসম হজ কমিটিৰ অধ্যক্ষ আলহজ নেকিবুজ জামানে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে হজলৈ যোৱাৰ ন-দহ দিন পূৰ্বে ফ্লাইটৰ সঠিক সময় মেছেজ যোগে জনোৱা হব আৰু এইবাৰ গুৱাহাটীৰ পৰা পোনে পোনেই জিদ্দালৈ যাব পাৰিব বুলিও জামানে জানিবলৈ দিয়ে। এই বছৰৰ কাৰণে যি সকলে ইতিমধ্যে ৮১,৮০০/- টকা আৰু ১,৭০,০০০/-টকা জমা দিছে তেওঁলোকে অনাদায় হৈ থকা বাকী ধন ২৭ এপ্ৰিলৰ পূৰ্বে জমা দিব লাগিব বুলি হজ কমিটিয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে।