ডিব্ৰুগড়ত এ.পি.এন.আই স্কিলচ প্ৰতিষ্ঠানত আন্তৰ্জাতিক নাৰ্চ দিৱস পালন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- আন্ত:ৰাষ্টীয় নাৰ্চ বা ধাত্ৰী দিৱস দেশৰ ভিন্ন প্ৰান্তৰ চৰকাৰী-বেচকাৰী শিক্ষা প্ৰতিষ্ঠানৰ লগতে ডিব্ৰুগড়তো আন্তৰ্জাতিক ধাত্ৰী দিৱস পালন কৰা হয়। ডিব্ৰুগড় মহানগৰৰ মিলন নগৰস্থিত পেৰামেডিকেল এণ্ড নাচিং ইনষ্টিটিউট প্ৰতিষ্ঠানত অনুষ্ঠিত হোৱা এই দিৱসত শতাধিক ধাত্ৰীয়ে অংশগ্ৰহণ কৰে ।অনুষ্ঠানত ধাত্ৰীসকলে বিশ্বৰ মানৱ সেৱিকা ফ্ল’ৰেন্স নাইটিংগেলৰ জন্ম দিনক আৰু তেওঁৰ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে। প্ৰতিষ্ঠানৰ পৰিচালক গৌতম দাসে – ফ্ল’ৰেন্স নাইটিংগেলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে।উল্লেখযোগ্য যে সমগ্র বিশ্বতে ১২ মে’ৰ দিনা উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰ্ছ তথা ধাত্রী দিৱসত নাৰ্ছসকলে আগবঢ়োৱা অৱদানক স্মৰণ আৰু সন্মান জনোৱাৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস প্ৰতি বছৰে উদযাপন কৰি আহিছে। অনুষ্ঠানত ছাত্ৰী সকলে এটি কেক কাটি আৰু মমবাতি জ্বলাই মানৱ সেৱা কৰাৰ সংকল্প গ্ৰহণ কৰে। মহান ধাত্ৰী ফ্ল’ৰেন্স নাইটিংগেল গৰাকীয়ে যুদ্ধৰ সময়ত আহত ব্ৰিটিছ সৈনিক সকলৰ বাবে মানৱ সেৱা আগবঢ়াইছিল। অনুষ্ঠানত শিক্ষক প্ৰাঞ্জল সোনোৱালে আঁতধৰা সভাত- প্ৰতিষ্ঠানখনৰ সঞ্চালক প্ৰাঞ্জল ফুকন, শিক্ষয়িত্ৰী প্ৰজ্ঞাশ্ৰী দেৱী, সাংবাদিক প্ৰশান্ত শইকীয়াকে ধৰি বহুকেইগৰাকী গনমাণ্য ব্যক্তি, শিক্ষক- শিক্ষয়ত্ৰী উপস্থিত থাকে ।অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীয়ে ধাত্ৰীসকলে সমাজলৈ আগবঢ়োৱা অৱদানৰ শলাগ লয় লগতে এই অনুষ্ঠানতে কুইজ, অভিনয় আদি প্ৰদৰ্শন কৰে।
