ডিব্ৰুগড়তো সংগঠনৰ আহ্বানত সঁহাৰি জনাই ২০ মে’ত বন্ধ থাকিব ঔষধৰ দোকান

ডিব্ৰুগড়তো সংগঠনৰ আহ্বানত সঁহাৰি জনাই ২০ মে’ত বন্ধ থাকিব ঔষধৰ দোকান

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অৱ কেমিষ্ট এণ্ড ড্ৰাগিষ্টছৰ আহ্বানত দেশজোৰা ধৰ্মঘট কাৰ্যসূচীত সমৰ্থন গ্ৰহণ কৰিছে ডিব্ৰুগড় মেডিচিন ডিলাৰ্ছ এছ’চিয়েশ্যনে। ডিব্ৰুগড় সাহিত্য সভা ভৱনৰ কাৰ্যালয়ত আজি  এক সংবাদমেল অনুষ্ঠিত কৰি  সংগঠনটোৰ বিষয়ববীয়াসকলে কয় যে, অনলাইন মাধ্যমেৰে ঔষধ বিক্ৰী আৰু অনুজ্ঞাপত্ৰ বিহীন অবৈধ ফাৰ্মাচী ব্যৱসায় দিনক দিনে বৃদ্ধিকে ধৰি অন্যান্য কেইবাটাও দাবীৰে ভাৰত বন্ধৰ আহ্বানক পূৰ্ণ সমৰ্থন জনাই ডিব্ৰুগড়ত অহা ২০ মে’ত বন্ধ থাকিব সকলো ঔষধৰ দোকান। সংগঠনটোয়ে সংবাদমেলত অভিযোগ কৰা মতে, বহু ক্ষেত্ৰত অনলাইনযোগে বিক্ৰী হোৱা ঔষধৰ উৎস, সংৰক্ষণ পদ্ধতি বা মানদণ্ড সম্পৰ্কে কোনো স্পষ্ট তথ্য নাথাকে। চিকিৎসক বা ফাৰ্মাচিষ্টৰ সঠিক পৰামৰ্শ নোহোৱাকৈ ঔষধ ব্যৱহাৰ কৰাটোও সাধাৰণ ৰাইজৰ বাবে বিপদজনক হৈ পৰিব পাৰে বুলি সতর্ক কৰে সংগঠনটোৱে। ইয়াৰোৰি, সহজে নিচাজাতীয় সামগ্ৰী উপলব্ধ হোৱাৰ অভিযোগো উত্থাপন কৰে সংগঠনটোৱে। লগতে ফাৰ্মাচিষ্টৰ ডিগ্ৰী লাভ কৰা বহু নৱপ্ৰজন্মই নিজাকৈ ফাৰ্মাচী স্থাপন কৰাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।এই সকলো সমস্যা সমাধান কৰাৰ প্ৰতিবাদত ২০ মে’ত জৰুৰীকালীন সেৱাৰ বাহিৰে ডিব্ৰুগড়ৰ অধিকাংশ ঔষধৰ দোকান বন্ধ থাকিব বুলি জানিবলৈ দিয়ে ডিব্ৰুগড় মেডিচিন ডিলাৰ্ছ এছ’চিয়েশ্যনে।সাধাৰণ ৰাইজক আগতীয়াকৈ প্ৰয়োজনীয় ঔষধ সংগ্ৰহ কৰি ৰাখিবলৈও আহ্বান জনায় সংগঠনটোৱে।সংবাদ মেলত সন্থাৰ সভাপতি বিশ্ব বৰা, সম্পাদক আস্তমুদ্দিন আহমেদ, দেৱ কুমাৰ দত্ত,বিজু নাউকা, সুভাষ পাল, আশীষ বচু, সুভাষ কুণ্ডুসহ বিষয়ববীয়া সকল উপস্থিত থাকে।