ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল নকৰাৰ ক্ষোভ অব্যাহত চন্দ্ৰপুৰবাসীৰ

pc-EastMojo

ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল নকৰাৰ ক্ষোভ অব্যাহত চন্দ্ৰপুৰবাসীৰ

অনলাইন বাৰ্ত্তাসেৱা– মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত যোৱা ২৮ জুনৰ পৰা গুৱাহাটী মহানগৰীৰ আৱৰ্জনা চন্দ্ৰপুৰ তাপ বিদ্যুৎ প্রকল্পস্থলীৰ ৪০ বিঘা মাটিত দমোৱা কাম আৰম্ভ কৰিছে। ২০১৯ চনৰ আগষ্ট মাহৰ পৰাই চন্দ্ৰপুৰৰ স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মুখ্য সচিব, কামৰূপ মহানগৰ জিলাৰ উপযুক্ত গুৱাহাটী দৌৰ নিগমৰ আয়ুক্ত, এপিজিডিলৰ অধ্যক্ষকক স্মাৰকপত্ৰযোগে দাবী জনোৱাৰ উপৰিও ইয়াৰ বিৰোধিতা কৰি আহিছে।চন্দ্ৰপুৰৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাব পৰা এই সিদ্ধান্ত চন্দ্ৰপুৰবাসীয়ে কেতিয়াও নামানে বুলি স্পষ্ট কৰি দিছে।কিন্তু নৱগঠিত বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গুৱাহাটী পৌৰ নিগমে চন্দ্ৰপুৰত আৱৰ্জনা দমোৱা কাম আৰম্ভ।ডাম্পিং গ্রাউণ্ড বিৰোধী মঞ্চ, চন্দ্ৰপুৰৰ আহ্বায়ক আৰু চন্দ্ৰপুৰৰ বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াৰ প্ৰতিনিধি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচীৰ সিদ্ধান্ত গ্ৰহণ কৰে।এক প্ৰেচ বিবৃতিযোগে ডাম্পিং গ্রাউণ্ড বিৰোধী মঞ্চ, চন্দ্ৰপুৰৰ আহ্বায়ক শিৱ ৰাজবংশী আৰু নিতুল কলিতাই সংবাদ মাধ্যমক জনায় যে অহা ৪ আগষ্টত পুৱা ১০ বজাৰ পৰা ৪ বজালৈ ৬ ঘণ্টীয়া গণ সত্যাগ্রহ কাৰ্যসূচী, ৬ আগষ্টত প্রতিবাদী সভা, ৮ আগষ্টত পুৱাৰে পৰা চন্দ্ৰপুৰত ৰেলপথ অৱৰোধ কাৰ্যসূচী, ১০ আগষ্টত “SAVE AMCHANG-SAVE KHAMRENGA” শীর্ষক এক আলোচনা সভাৰ জৰিয়তে ডাম্পিং গ্রাউণ্ড বিৰোধিতা, ১২ আগষ্টত এপিজিচিএলৰ বিৰুদ্ধে চন্দ্ৰপুৰস্থিত এইজিএছএলৰ গ্ৰীড ঘেৰাও কৰি প্ৰতিবাদ, আৰু ১৫ আগষ্টৰ স্বাধীনতা দিৱসত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰি গণতন্ত্ৰৰ প্রতি সন্মান জনাই পুৱা ১০ বজাৰ পৰা ‘SAVE POBITORA” শীর্ষক বাইক ৰেলীৰে চন্দ্ৰপুৰৰ পৰা পবিতৰালৈ গৈ ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত প্রতিবাদ সাব্যস্ত কৰিব৷ প্ৰেছ বিবৃতিটোত ইয়াৰ পাছতো যদি চৰকাৰে শীঘ্ৰে সিদ্ধান্ত সলনি নকৰে তেন্তে অসম চৰকাৰৰ বিৰুদ্ধে ইয়াতকৈ ভয়াৱহ আৰু তীব্র প্রতিবাদ সৰ্বাস্ত কৰিব বুলিও উল্লেখ কৰে।

(R.T)