‘ডক্তৰ বেজবৰুৱা-২’ই ভংগ কৰিলে ৰত্নাকৰৰ উপাৰ্জনৰ ৰেকৰ্ড

‘ডক্তৰ বেজবৰুৱা-২’ই ভংগ কৰিলে ৰত্নাকৰৰ উপাৰ্জনৰ ৰেকৰ্ড

ৰঙিলী বাৰ্ত্তাসেৱা- ছবিগৃহত মুক্তিলাভ কৰিলে নতুন অসমীয়া ছবি ড০ বেজবৰুৱা ২।ভাৰতৰ বিভিন্ন চহৰৰ আঠটা পেক্ষাগৃহ আৰু ১৪২খন পৰ্দাত মুক্তি লাভ কৰিলে ড০ বেজবৰুৱা ২ ছবিখনে।ছবিখন প্ৰযোজনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰযোজক ড° সঞ্জীৱ নাৰায়ণে৷সহযোগী প্ৰযোজক হ’ল ডা° অক্ষতা নাৰায়ণ৷ছবিখনৰ সংগীত জুবিন গাৰ্গৰ।উল্লেখযোগ্য যে,সমগ্ৰ অসমৰ ১৪২ খন স্ক্ৰিণৰ লগতে দেশৰ ৮ টা ছবি গৃহত (দিল্লী, বাংগালুৰু, নয়দা,চেন্নাই, হায়দৰাবাদ আদিত) চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হৈছে।মুক্তিৰ পিচতেই চলচ্চিত্ৰখন ৰাইজৰ মাজত বিশেষভাৱে সমাদৃত হৈছে৷এতিয়া উজনিৰ পৰা নামনিলৈ দৰ্শকৰ মাজত চলচ্চিত্ৰখন চাবলৈ বৃদ্ধি হৈছে উৎসুকতা।ইফালে মুক্তিৰ দিনাই ‘ড° বেজবৰুৱা ২’ চলচ্চিত্ৰখনে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে।ডক্তৰ বেজবৰুৱা-২ ই ভংগ কৰিলে ৰত্নাকৰৰ উপাৰ্জনৰ ৰেকৰ্ড।মুক্তিৰ প্ৰথম দিনাই চলচ্চিত্ৰখনে ৪১.২ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।