টেট উত্তীৰ্ণসকলৰ প্ৰমাণপত্ৰৰ ম্যাদ জীৱনকাললৈ বৃদ্ধি

pc italcoholic

অনলাইন বাৰ্ত্তাসৱোঃ-  কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে আনুষ্ঠানিকভাৱে টেটৰ ভেলিডিটী পিৰিয়ড জীৱনকাললৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত সদৰী কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা এই সিদ্ধান্তই স্বাভাৱিকতে অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত ইতিপূৰ্বে টেট উত্তীৰ্ণ হৈয়ো চাকৰি লাভ নকৰা বা নিৰ্ধাৰিত ৭ বছৰ অতিক্ৰম হোৱাৰ সূত্ৰে পূৰ্বে টেট উত্তীৰ্ণ হোৱা প্ৰমাণপত্ৰখন মূল্যহীন হৈ পৰাক লৈ চিন্তাক্লিষ্ট প্ৰাৰ্থীসকললৈ আশাৰ খবৰ কঢ়িয়াই আনিছে। প্ৰসংগতঃ উল্লেখ্য যে ২০১১ চনত টেট উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰ ম্যাদ ৭ বছৰতে উকলি গৈছিল যদিও বৃহস্পতিবাৰে জাৰি কৰা এই নিৰ্দেশনাৰ ফলত তেওঁলোকৰ পূৰ্বৰ প্ৰমাণপত্ৰৰে পুনৰ চাকৰিৰ আবেদন কৰিব পাৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিখন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই নিৰ্দেশনা জাৰি কৰি যিসমূহ প্ৰাৰ্থীৰ টেট উত্তীৰ্ণ প্ৰমাণপত্ৰৰ ম্যাদ উকলি গৈছে তেনে প্ৰাৰ্থীসকলক নতুনকৈ টেট উত্তীৰ্ণৰ বৈধ প্ৰমাণপত্ৰ যোগান ধৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কেন্দ্ৰীয় মন্ত্ৰী পোখৰিয়ালে এই নিৰ্দেশনা জাৰি কৰি কয় যে শৈক্ষিক ক্ষেত্ৰখনত নিজৰ কেৰিয়াৰ গঢ় দিবলৈ আশা পুহি থকা নিবনুৱা যুৱক যুৱতীসকলে শিক্ষাখণ্ডত নিযুক্তি লাভ কৰাৰ ক্ষেত্ৰত এই সিদ্ধান্তই আশাৰ খবৰ কঢ়িয়াই আনিব। উল্লেখ্য যে ২০১১ চনৰ ১১ ফেব্ৰুৱাৰীত এন চি টি ইয়ে এক নিৰ্দেশনাযোগে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰ বৈধতা ৭ বছৰ নিৰ্ধাৰণ কৰিছিল ।