টীম ইণ্ডিয়াৰ অপেনিং বেটছমেন কে এল ৰাহুল অভব্য আচৰণৰ বাবে জৰিমনাৰ সন্মুখীন

টীম ইণ্ডিয়াৰ অপেনিং বেটছমেন কে এল ৰাহুল অভব্য আচৰণৰ বাবে জৰিমনাৰ সন্মুখীন

অনলাইন বাৰ্ত্তাসেৱা- টীম ইণ্ডিয়াৰ অপেনিং বেটছমেন কে এল ৰাহুলে আম্পায়াৰৰ সিদ্ধান্তত অসন্তুষ্ট হৈ অভব্য আচৰণ কৰি জৰিমনাৰ সন্মুখীন হৈছে। আই চি চিৰ কোড অব কণ্ডাক্টৰ আধাৰত খেলুৱৈগৰাকীক এনে আচৰণৰ বাবে তেওঁৰ এপৰত জৰিমনা বিহা হৈছে। এই অনুসৰি খেলুৱৈগৰাকীৰ মেচ ফীৰ ১৫ শতাংশ জৰিমনা হিচাপে কৰ্তন কৰা হʼব। ভাৰতৰ দ্বিতীয় ইনিংছত ৰোহিত শৰ্মাৰ সৈতে ক্ৰিজত বেটিং কৰি আছিল কে এল ৰাহুল। সেই সময়ত জেমছ এণ্ডাৰছনৰ এটা বলত তেওঁক আউট ঘোষণা কৰিছিল আম্পায়াৰে। ইয়াতে অসন্তু হৈ তেওঁ আম্পায়াৰৰ বিৰুদ্ধে আপত্তিজনক আচৰণ কৰে।

(UD.)