টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল যশপ্ৰীত বুমৰাহ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ আগশাৰীৰ পেচ বলাৰ যছপ্ৰীত বুমৰাহ পিঠিৰ বিষৰ বাবে টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ব লগা হৈছে।ভাৰতৰ নেট অনুশীলনৰ সময়ত যছপ্ৰীতে ফিজিঅ’ক কঁকালৰ বিষৰ অভিযোগ কৰিছিল।। আঘাতৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও প্ৰথমখন খেলত অংশ ল’ব নোৱাৰিলে বুমৰাহে। সেই সময়ত ৰোহিতে কৈছিল যে ভাৰতীয় পেচাৰগৰাকীৰ আঘাত সামান্য।কিন্তু আজি পিটিআইক দিয়া এক সাক্ষাৎকাৰত ব’ৰ্ডৰ এজন বিষয়াই কয় যে টি-২০ বিশ্বকাপত খেলাটো বুমৰাহৰ বাবে কোনো কাৰণতে সম্ভৱ নহয়। পিঠিত গুৰুতৰভাৱে আঘাত পাইছে তেওঁ। বুমৰাহে হয়তো ছমাহ খেলপথাৰৰ বাহিৰত থাকিব লাগিব।