টিহুৰ পৰা জলসিঞ্চন বিভাগৰ দুটাকৈ কাৰ্যালয় স্থানান্তৰ কৰিবলৈ ওলোৱা কাৰ্যৰ বিৰোধিতা কৰি  টিহুত দুঘন্টীয়া অৱস্থান ধৰ্মঘট

টিহুৰ পৰা জলসিঞ্চন বিভাগৰ দুটাকৈ কাৰ্যালয় স্থানান্তৰ কৰিবলৈ ওলোৱা কাৰ্যৰ বিৰোধিতা কৰি  টিহুত দুঘন্টীয়া অৱস্থান ধৰ্মঘট

অনলাইন বাৰ্ত্তাসেৱা- টিহু বাসী ৰাইজৰ চল্লিশ বছৰীয়া সংগ্ৰামৰ অন্তত ২০১৬ বৰ্ষৰ পহিলা জানুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে টিহুক নলবাৰী জিলাৰ দ্বিতীয়টো মহকুমা হিচাপে ঘোষণা কৰে  । মহকুমা দাবীৰ আন্দোলনত টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য হিমাংশু তামুলী শ্বহীদ হৈছিল । মহকুমা ঘোষণা হে হ’ল,  কিন্তু  আজিলৈকে নাপালে  পূৰ্ণাংগ ৰূপ  ।  শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত টিহুক মহকুমা হিচাপে ঘোষণা কৰাৰ পিছত কেইবাটাও চৰকাৰী কাৰ্যালয় টিহুত স্থাপন হব বুলি টিহু বাসী ৰাইজে আশা কৰিছিল । কিন্তু  নতুন কাৰ্যালয় অহা দুৰৈৰ কথা থকা কাৰ্যালয় কেইটাও  টিহুৰ পৰা স্থানান্তৰ কৰিব ওলোৱা কাৰ্যত জাঙুৰ খাই উঠিছে টিহু বাসী ৰাইজ । শেহতীয়া ভাৱে টিহুস্থিত জলসিঞ্চন বিভাগৰ যান্ত্ৰিক সংমণ্ডল আৰু অনুসন্ধান সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় দুটা টিহুৰ পৰা স্থানান্তৰ কৰিব ওলোৱাত ক্ষোভিত হৈ পৰিছে টিহুবাসী ৰাইজ । উল্লেখ্য যে জলসিঞ্চনৰ টিহু অনুসন্ধান কাৰ্যালয় টো বৰপেটা জিলাৰ সৰ্থেবাৰীলৈ আৰু টিহু দক্ষিণ বজালী যান্ত্ৰিক জলসিঞ্চন কাৰ্যালয় টো গোৱালপাৰা জিলাৰ লক্ষীপুৰলৈ স্থানান্তৰ কৰাৰ  চৰকাৰী নিৰ্দেশনা প্ৰকাশ হৈছে  । এই নিৰ্দেশনাৰ বিৰোধীতাৰে ১১ আগষ্ট, বুধবাৰে টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যাগত আৰু  টিহু উন্নয়ন সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টিহু আঞ্চলিক সমিতি,  টিহু মহকুমা সাংবাদিক সন্থা ,টিহু জ্যেষ্ঠ নাগৰিক পৰিষদৰ লগতে টিহুৰ  বিশ টাৰো অধিক দল-সংগঠন,  টিহুবাসী ৰাইজৰ সহযোগত টিহু পৌৰ সভাৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত কাৰ্যালয় দুটা টিহুৰ পৰা কোনো কাৰণতে নিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দি প্ৰয়োজন সাপেক্ষে পৰিবৰ্তি সময়ত ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি দল-সংগঠন কেইটাই হুংকাৰ দিয়ে  । by Sahil Mallick