জ্ঞানদাভিৰাম বৰুৱা আইন ছাত্ৰাৱাসত সংবিধান দিৱস উদ্‌যাপন

PC Library KV 2 Ferozepur cantt

জ্ঞানদাভিৰাম বৰুৱা আইন ছাত্ৰাৱাসত সংবিধান দিৱস উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  ১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ দিনটোতেই গৃহীত হৈছিল স্বাধীন ভাৰতবৰ্ষৰ সংবিধানখন। সমগ্ৰ দেশতেই এই দিনটো সংবিধান দিৱস হিচাপে পালন কৰা হয় । গুৱাহাটী বিশ্ববিদ্যালয়তো জ্ঞানদাভিৰাম বৰুৱা আইন ছাত্ৰাবাসে গাম্ভীৰ্যপূৰ্ণভাৱে উদ্‌যাপন কৰে সংবিধান দিৱসৰ কাৰ্যসূচী। ছাত্ৰাৱাসটোৰ আৱাসীসকলে আয়োজন কৰা অনুষ্ঠানটি ভীমৰাও আম্বেদকাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে আৰম্ভ কৰা হয় । কাৰ্যসূচীটোত ভাগ লয় বিশ্ববিদ্যালয় শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব অধ্যাপক ড° পাৰ্থ প্ৰতীম বৰুৱা আৰু ছাত্ৰাৱাসটিৰ অধীক্ষক ড৹ দীপাংকৰ দাসে। শ্ৰেণী সমূহৰ সচিবগৰাকীয়ে সংবিধানৰ পবিত্ৰতা অক্ষুন্ন ৰাখি ছাত্ৰ ছাত্ৰী সকলে গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ উত্তৰণত ব্ৰতী হৈ  সুনাগৰিক হোৱাৰ আহ্বান ৰাখি বক্তব্য প্ৰদান কৰাৰ বিপৰীতে সংবিধানৰ বিভিন্ন দিশ, মৌলিক কৰ্তব্য সন্দৰ্ভত বিশ্লেষণ আগবঢ়ায় আইন ছাত্ৰাৱাসটোৰ অধীক্ষক দাসে । অনুষ্ঠানটিত উপস্থিত ছাত্ৰ-ছাত্ৰীসকলে সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰে । ছাত্ৰ ছাত্ৰী সকলে ভৱিষ্যত দিনত আইনৰ শাসন বৰ্তাই ৰখাৰ স্বাৰ্থত সুশৃখংল সমাজ ব্যৱস্থাৰ উত্তৰণত ব্ৰতী হৈ নিজকে সুনাগৰিক হিচাপে গঢ়ি তোলাৰ স‌ংকল্প গ্ৰহণ কৰে বুলি ছাত্ৰাৱাসটিৰ ছাত্ৰাধীক্ষক সঞ্জয় কৃষ্ণ দাসে জনায় ।