জোঁৱায়েকক ঘপিয়াই হত্যা কৰিলে শহুৰেকে

জোঁৱায়েকক ঘপিয়াই হত্যা কৰিলে শহুৰেকে

ৰঙিলী বাৰ্ত্তাসেৱা-  শহুৰেকৰ দাৰ ঘাপত প্ৰাণ গ’ল জোঁৱাইয়েকৰ।শিবসাগৰ জিলাৰ ঘিলাগুৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা।মুজামিল খান নামৰ জোঁৱাইকক শহুৰেক জেহেৰুদ্দিন আহমেদে হত্যা কৰে।জোঁৱায়েকক হত্যা কৰি হত্যাকাৰী জেহিৰুদ্দিন আহমেদে শিৱসাগৰ সদৰ থানাত আত্মসমৰ্পণ কৰে৷ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি দীৰ্ঘদিনৰে পৰা মুজামিল খানে পত্নীক শাৰীৰিক-মানসিক অত্যাচাৰ চলাই আহিছিল।যোৱা নিশাও শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি জোঁৱায়েক মুজামিল খানে সা–সামগ্ৰী ভাঙি উপদ্ৰৱ চলাইছিল।ফলত অতিষ্ঠ হৈ শহুৰেকে এই হত্যাকাণ্ড সংঘটিত কৰে৷জোঁৱাইয়েকৰ অত্যাচাৰত অতিষ্ঠ শহুৰেকে জোঁৱায়েকক ঘপিয়াই হত্যা কৰা এই ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷