জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজ্যজুৰি আছুৰ ন্যায় সমদল
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়াৰ আৱেগ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ক্ষিপ্ৰ তদন্ত বিচাৰি ৰাজ্যজুৰি ন্যায় সমদলেৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। ৰাজ্যৰ প্ৰতিখন জিলা সদৰ স্থানত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী তথা ৰাইজে শান্তিপূর্ণভাৱে ন্যায় সমদলত অংশগ্ৰহণ কৰি প্ৰাণৰ শিল্পীগৰাকীক ন্যায় প্ৰদানৰ দাবী জনায়। গুৱাহাটী মহানগৰীতো সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত দুই সহস্রাধিক প্ৰতিবাদকাৰীয়ে উজান বজাৰৰ শ্বহীদ ন্যাস ভৱনৰ পৰা ন্যায় সমদল উলিয়ায়। প্রতিবাদী কার্যসূচীটোত অংশ লৈ আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যই কয় যে আমাৰ লক্ষ্য স্পষ্ট। জুবিন গার্গে ন্যায় পাবই লাগিব। ন্যায় নোপোৱালৈকে আছু ক্ষান্ত নহয়। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰ আৰু পানী নসৰকাবিধৰ হ’ব লাগিব বুলি মন্তব্য কৰি মুখ্য উপদেষ্টা ড° ভট্টাচার্যই কয় যে এছআইটিয়ে তথ্য সাক্ষ্য-প্রমাণসহ এখন কটকটীয়া অভিযোগনামা আদালতত দিব লাগিব। যাতে এজনো দোষী আইনৰ সুৰুঙাৰে বাচি যাব নোৱাৰে। ন্যায় নিদিয়ালৈকে আমাৰ সংগ্রাম অব্যাহত থাকিব। শেহতীয়াকৈ প্রিয় শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি ৰাজ্যজুৰি বিভিন্ন স্তৰৰ ৰাইজে প্রতিবাদ সাব্যস্ত কৰাৰ মাজতে একাংশই ৰাজনীতি কৰাৰ অভিযোগ উঠা সন্দর্ভত ড° ভট্টাচার্যই শাসক-বিৰোধী উভয়কে জুবিন গাৰ্গৰ বিষয়টোক লৈ ৰাজনীতি নকৰিবলৈ তীব্র সকীয়নি প্রদান কৰিছে। তেওঁ কয় যে অসমৰ ৰাইজে অন্তৰৰ পৰাই বিচাৰিছে জুবিন গার্গে ন্যায় পোৱাটো। গতিকে চৰকাৰে দোষীক কঠোৰ, দৃস্তান্তমূলক শাস্তি প্রদান কৰি শিল্পীগৰাকীক ন্যায় দিবই লাগিব। প্রতিবাদী কার্যসূচীটোত অংশ লৈ আছুৰ সভাপতি উৎপল শর্মাই কয় যে শিল্পীগৰাকীৰ মৃত্যুৰ দিনটোৰ পৰাই আছুৱে মৃত্যুৰ অস্বাভাৱিকতাৰ বিষয়ে বিভিন্ন প্রশ্ন উত্থাপন কৰি আহিছে। আছুই প্রিয় শিল্পীগৰাকীক ন্যায় প্রদান কৰিবলৈ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। দোষীসকলে কঠোৰ দৃষ্টান্তমূলক শাস্তি পালেহে অসমৰ ৰাইজ আশ্বস্ত হ’ব। ইয়াৰ বাবে ক্ষিপ্ৰ তদন্তৰ লগতে কটকটীয়া চার্জশীট এছআইটিয়ে আদালতত দিব লাগিব। জুবিন গাৰ্গ আজি হেৰাই যোৱা এমাহৰ বেছি হৈ গ’ল। অসমৰ ৰাইজে ধৈর্যসহকাৰে অপেক্ষা কৰি আছে। গতিকে তদন্ত জোৰদাৰ হ’ব লাগিব। বিগত এটা মাহে অসমৰ প্রতিটো পৰিয়ালে এটা অশান্ত মন লৈ জীৱন নিৰ্বাহ কৰিছে। সকলোৰে মনত এটাই বিষয়- প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব লাগিব। জুবিন গাৰ্গৰ ন্যায়প্ৰাপ্তিৰ যাত্ৰাত সকলো সময়তে ছাত্র সন্থাই শান্তিপূর্ণ গণতান্ত্রিকভারে পদক্ষেপ গ্ৰহণ কৰিব। প্ৰাণৰ শিল্পী জুবিন গার্গে ন্যায় নোপোৱা পর্যন্ত ছাত্র সন্থা ক্ষান্ত নহয়। উল্লেখ্য যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত সদৌ অসম ছাত্ৰ সহাই ৰাজ্যজুৰি ১৪ অক্টোবৰত অৱস্থান বিক্ষোভ আৰু ১৯ অক্টোবৰত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিছিল । এই ন্যায় সমদল কাৰ্যসূচীৰ যোগেদি আছুৱে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰ সন্থাৰ স্পষ্ট দাবী যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্রদান কৰিবই লাগিব ।
