জীৱন বিচাৰি….- সংগীতা মাইনা ডেকা

pc. houston chronicle

জীৱন বিচাৰি….

উশাহৰ পৰিধি, শব্দৰ টোপালেৰে জীপাল
কিন্তু জানে নে আপুনি ?
কাগজৰ দৰ্পণত,
অস্তিত্বৰ প্ৰতিবিম্বটো হ’লে শোকাল ।
নুসুধিব কিয় ?
কিয়নো প্ৰত্যুত্তৰৰ বোকোচাত,
অপ্ৰকাশ্য সেয়া….

ইপাৰৰ পৰা সিপাৰলৈ যোৱাৰ ঠিকনাটো ক’ত
সেয়াও জানো অজ্ঞ্যেয় নহয় !
নহয় নে…!

কেনেকৈ নো প্ৰকাশো
জীয়াল পৃষ্ঠত, উশাহবোৰৰ শক্তি আজি,
লাহে লাহে শীৰ্ণ হৈ গৈ আছে…!
পিছে, পৰাভূত নহয় কোনোপধ্যেই
হাবিয়াসবোৰ….!
জীৱন থকালৈকে না সপোনে মৰহিব খোজে
না আশাই উশাহক “পৰিত্যাগিব” বিচাৰে….!
জানে নে কিয় ?

জীৱনৰ পৰা জীৱনক বিচাৰিবলৈ ।

 সংগীতা মাইনা ডেকা,
ৰঙিয়া