জাতীয় শিক্ষা নীতিৰ সিদ্ধান্তৰ বিৰোধিতা এআইএছইচিৰ

pc- anubudh

জাতীয় শিক্ষা নীতিৰ সিদ্ধান্তৰ বিৰোধিতা এআইএছইচিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  জাতীয় শিক্ষা নীতি-২০২০ৰ চুপাৰিছ অনুসৰি আগন্তুক শিক্ষা বৰ্ষৰ পৰাই ৰাজ্যখনৰ স্কুলীয়া পাঠ্যক্ৰমৰ পৰিগাঁথনি পৰিৱৰ্তন কৰা তথা ছেবা আৰু হায়াৰ চেকেণ্ডেৰী কাউন্সিল একত্ৰীকৰণ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰিছে অল ইণ্ডিয়া ছেভ এডুকেচন কমিটীৰ অসম শাখাই৷শনিবাৰে কমিটীৰ সভাপতি, অধ্যাপক ত্ৰিদিব গগৈয়ে এক প্ৰেছ বিবৃতি যোগে কয় যে, দেশৰ বৰ্তমান কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ স্বৈৰাচাৰীভাৱে কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থত দেশত এতিয়াও যিখিনি বিজ্ঞান ভিত্তিক, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু সাৰ্বজনীন শিক্ষাৰ অৱশিষ্ট আছে তাকো সম্পূৰ্ণৰূপে ধ্বংসৰ লক্ষ্যৰে প্ৰৱৰ্তন কৰা জাতীয় শিক্ষা নীতি-২০২০ৰ বিৰুদ্ধে সমগ্ৰ দেশৰ শিক্ষাবিদ, বৈজ্ঞানিক, বুদ্ধিজীৱী, শিক্ষক-ছাত্ৰ, শিক্ষাপ্ৰেমী জনসাধাৰণ যেতিয়া সোচ্চাৰ হৈছে, এই নীতি বাতিলৰ দাবীত অল ইণ্ডিয়া ছেভ এডুকেচন কমিটীৰ নেতৃত্বত আন্দোলন গঢ়ি তুলিছে, তেনে ক্ষেত্ৰত অসমৰ বিদ্যৎ সমাজক অসচেতন বুলি ধৰি লৈ সমগ্ৰ দেশৰ ভিতৰত অসমতেই প্ৰথম ইয়াৰ চৰকাৰে অতি ঔদ্ধত্যৰে এই সৰ্বনশীয়া শিক্ষানীতিক কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে।কেবিনেট সিদ্ধান্ত মৰ্মে স্কুলীয়া শিক্ষাত প্ৰৱৰ্তন কৰিবলৈ লোৱা ৫+৩+৩+৪ নতুন পৰিগাঁথনিৰ প্ৰথম পৰ্যায়ত প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ লগতে প্ৰাথমিকৰ ১ম আৰু ২য় শ্ৰেণীক আন্তঃগাথঁনিবিহীন অঙ্গনবাড়ী কেন্দ্ৰত অন্তৰ্ভূক্তিৰে শিক্ষাৰ সূচনাপৰ্বক বিকৃত কৰা, দ্বিতীয় পৰ্যায়ত ৫ম শ্ৰেণীলৈ পাঠ্যপুথি বিহীন শিক্ষাদান, তৃতীয় পৰ্যায়ত ৬ষ্ঠ শ্ৰেণীৰ পৰা বৃত্তিমুখী শিক্ষা প্ৰৱৰ্তন কৰা তথা ৮ম শ্ৰেণীলৈকে অটোমেটিক প্ৰমোচন অব্যাহত ৰখা, বৰ্তমান শিক্ষাৰ অতি গুৰুত্বপূৰ্ণ মেট্ৰিক পৰীক্ষা তুলি দিয়া, ৯ম শ্ৰেণীৰ পৰা ছেমিষ্টাৰ ব্যৱস্থা প্ৰৱৰ্তনেৰে স্কুলীয়া শিক্ষান্ত পৰীক্ষা দ্বাদশ শ্ৰেণীলৈ পিছুৱাই লৈ যোৱা আৰু শিক্ষা প্ৰশাসনিক সংস্থা ছেবা আৰু হায়াৰ চেকেণ্ডেৰী কাউন্সিলৰ একত্ৰীকৰণৰ দ্বাৰা চৰকাৰী শিক্ষা প্ৰতিষ্ঠানত শিক্ষা লাভ কৰা দুখীয়া-মধ্যবিত্ত ঘৰৰ দেশৰ আশী শতাংশ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাক যে ধ্বংস কৰা হব এই কথা প্ৰতিজন সচেতন ব্যক্তিৰ বুজিবলৈ অসুবিধা নহয়। তাৰোপৰি আধুনিক শিক্ষা ব্যৱস্থাত যুক্তি- বিজ্ঞান আৰু অভিজ্ঞতাৰে প্ৰতিষ্ঠিত কলা, বিজ্ঞান আৰু বাণিজ্যৰ শৃংখলা নোহোৱা কৰি শিক্ষা ব্যৱস্থাত বিশৃংখলতাৰ সৃষ্টি কৰাৰ যি পৰিকল্পনা ৰচনা কৰা হৈছে তাৰ দ্বাৰা শিক্ষাৰ মান চূড়ান্তভাৱে অৱনমিত হ’ব।