জাজৰিত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ সভা

জাজৰিত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ সভা
আদিলুৰ ৰহমান, টুকটুকী,ৰঙীলী বাৰ্ত্তাসেৱা-  মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত জাজৰিৰ বৰমনিপুৰত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ এখন  সজাগতা সভা আজি অনুষ্ঠিত হৈ যায়।মৰিগাঁও জিলা গৰীয়া জাতীয় পৰিষদৰ সভাপতি মুকিব আহমেদে আঁত ধৰা সজাগতা সভাখনত জাজৰি অঞ্চলৰ ৰাইজৰ বিভিন্ন সমস্যা আৰু আগন্তুক আৰ্থ সামাজিক জৰীপত ৰাইজে কেনেকৈ নিজকে উপস্থাপন কৰিব সেই বিষয়ৰ ওপৰত বিষদভাৱে আলোচনা কৰা হয়। সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ সা‌ংগঠনিক ভেটি কেনেকৈ শক্তিশালী কৰিব পাৰি তাৰ ওপৰতটো আলোচনা কৰা হয়।সজাগতা সভাখনত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ সভাপতি মইনুল ইছলাম, উপ সভাপতি জুল হুছেইন আৰু সম্পাদক নজৰুল ইছলাম উপস্থিত আছিল।