‘জনসেৱা সঁচা মানুহ বিচাৰি’ৰ অভিনন্দন অনুষ্ঠান

‘জনসেৱা সঁচা মানুহ বিচাৰি’ৰ অভিনন্দন অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ধীৰেনপাৰাস্থিত স্বেচ্ছাসেৱী সংস্থা ‘জনসেৱা সঁচা মানুহ বিচাৰি’ৰ উদ্যোগত ১৬ জুলাইত নৱজাগৰণ সংঘৰ প্ৰাংগনত বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো ২০২৩ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছেবা, চি বি এছ ইৰ ফটাশিল-গড়চুক অঞ্চলৰ ছাত্ৰ- ছাত্ৰীক অভিনন্দন জনোৱা হয়৷সভাপতি কুমুদ শৰ্মাই আঁত ধৰা সভাত পৌৰোহিত্য কৰে পূব কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° কমল শৰ্মাই৷ৰাকেশ শৰ্মা আৰু তপন মালাকাৰে পৰিচালনা কৰা ‘জনসেৱা’ৰ শীৰ্ষক গীতেৰে আৰম্ভ কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক নুৰুল হক আহমেদে৷জ্যেষ্ঠ সদস্য মদন মোহন তালুকদাৰে আদৰণি ভাষণ দিয়া সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্হগাৰ,তথ্য বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° নৰেন্দ্ৰ লহকৰে ভাষণত কয়- আমি কেনেকৈ নিজকে অধ্যয়নৰ প্ৰয়োজন সেইটো বুজি পাওঁ৷কিতাপ পঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে৷নিতৌ এক ঘন্টা বাহিৰা কিতাপ পঢ়িব লাগে৷ফাষ্ট ফুডত যিমান খৰচ কৰা হয় তাৰে দহখন কিতাপ কিনাত খৰচ কৰিব লাগে৷সভাত কে চি দাস কমাৰ্চ কলেজৰ উপাধ্যক্ষ ড° ভৱভূতি শৰ্মাই ভাষণত কয়-সমাজত ভাল হোৱাটোও সহজ,বেয়া হোৱাটোও সহজ৷ইন্টাৰনেটৰ জৰিয়তে বহু কথা শিকিব পাৰি৷কষ্ট কৰিলে ভাল ফল পাবাই৷সভাত অসম চৰকাৰৰ বিত্ত বিভাগৰ সঞ্চালক দেবজ্যোতি নাথ,নৱজাগৰণ সংঘৰ মুখ্য উপদেষ্টা সুমেৰ সিং গৌড়ে ছাত্ৰ- ছাত্ৰীক উদ্দেশ্যি ভাষণ দিয়ে৷সদস্য জ্যোতিষ চন্দ্ৰ ঠাকুৰীয়া,নৱপ্ৰসাদ শৰ্মা,জ্যোতিষ চন্দ্ৰ লহকৰ,বাণীকান্ত শৰ্মা,আব্দুল হামিদ খানে আঁত ধৰা অভিনন্দন অনুষ্ঠানত ৭১ জন ছাত্ৰ-ছাত্ৰীক উদগণিমূলক অভিনন্দন জনোৱা হয়৷সভাত বৈশালী কাশ্যপ,বৰ্ণালী কলিতাই গীত আৰু গকুল বৰুৱাই কবিতা আবৃত্তি কৰি উপস্থিত ৰাইজক আমোদ দিয়ে৷সভাপতি কুমুদ শৰ্মাৰ শলাগৰ শৰাইৰে সভা সামৰণি মৰা হয়৷