জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (জেএছএফ) ৰ ৰাষ্ট্ৰৰক্ষা ৰেলী আৰু আমৰণ অনশন

জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (জেএছএফ) ৰ ৰাষ্ট্ৰৰক্ষা ৰেলী আৰু আমৰণ অনশন
ৰঙিলী বাৰ্ত্তাসেৱা-  দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সমৰ্থনত দেশজুৰি গঢ় লোৱা অৰাজনৈতিক ৰাষ্ট্ৰবাদী সংগঠণ “জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (JSF)” ৰ আহ্বানত যোৱা ২৯ অক্তোৱৰ তাৰিখে গাজিয়াবাদৰ পৰা নতুন দিল্লি-গাজিপুৰ সীমালৈ এক বৃহৎ জনসভা (Rally)  আয়োজিত হৈছিল । দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জনসংখ্যা সমধান ফাউণ্ডেশ্যন (JSF) ৰ ত্ৰিশ হাজাৰৰো অধিক কৰ্মীয়ে ভাগ লোৱা উক্ত জনসভাত (Rally) অসমৰ পৰাও ৰাজ্যিক অধ্যক্ষ পঙ্কজ তালুকদাৰৰ নেতৃত্বত প্ৰায় আঢ়ৈ শতাধিক জেএছএফ কৰ্মীয়ে অংশ গ্ৰহণ কৰিছিল । দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ বাবে সময়ে সময়ে চৰকাৰৰ ওচৰত দাবী জনাই যোৱা দহ বছৰ ধৰি সমগ্ৰ দেশজুৰি এই আন্দোলন অব্যাহত আছে । কেন্দ্ৰীয় চৰকাৰে দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন নকৰালৈকে যোৱা ২৯ অক্তোৱৰৰ ৰাতি ১০-৪৫ বজাৰ পৰা জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ তৰফৰ পৰা অনিৰ্দিষ্ট কাললৈ আমৰণ অনশণৰ এক কাৰ্য্যসূচী হাতত লোৱা হৈছে । প্ৰশাসনৰ পৰা নিৰ্দ্ধাৰিত কৰি দিয়া দিল্লিৰ সমীপবৰ্তী গাজিয়াবাদ, লাজপত নগৰৰ এক স্থানত জেএছএফৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মাননীয় শ্ৰীঅনিল চৌধুৰী ডাঙৰীয়াই অনশণ আৰম্ভ কৰে । অনশণথলীত বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ জেএছএফ কৰ্মীয়ে প্ৰতিদিনে অনশণ কাৰ্য্যসূচীৰ লগতেই মৌন সমাবেশ পালন কৰি আছে  আৰু আগন্তুক দিনত এই অনশণ কাৰ্য্যসূচী দেশৰ বিভিন্ন প্ৰান্ততে বিস্তাৰিত কৰাৰ বাবে জেএছএফৰ কাৰ্য্যকৰ্তা সকলে চিন্তা চৰ্চা কৰিছে । আগন্তুক দিনৰ পৰৱৰ্তী কাৰ্য্যসূচী সম্বন্ধে অৱগত কৰাৰ উদ্দেশ্যে আজিৰ সংবাদ মেলখনত অসম জেএছএফ (JSF) ৰ  মাননীয় অধ্যক্ষ শ্ৰীপঙ্কজ তালুকদাৰ সহিত প্ৰভাৰী তথা সংগঠণ সচিব মৃণাল গোস্বামী, উপাধ্যক্ষ ড° ৰঞ্জন কুমাৰ মেধী, অপৰূপা বৰঠাকুৰ, মহাসচিব পৰাগ ডেকা, মহিলা শক্তিৰ সংগঠণ সচিৱ   শ্ৰীমতী ৰূপৰেখা গোস্বামী, অধিবক্তা জয়শ্ৰী বৈশ্য কেই ধৰি কেবাগৰাকীও কাৰ্য্যকৰ্তা  উপস্থিত থাকে।