জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে লাচিত দিৱসৰ থীম ছং

Pc facebook

জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে লাচিত দিৱসৰ থীম ছং

ৰঙিলী বাৰ্ত্তাসেৱা-  জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে লাচিত দিৱসৰ থীম ছং। মন্ত্ৰী পীয়ূষ হাজৰিকা, মন্ত্ৰী চন্দ্ৰমোহন পাটোবাৰী, বিমল বৰাকে ধৰি কেইবাগৰাকীও মন্ত্ৰীৰ উপস্থিতিত মুকলি কৰে থীম ছংটো। মুখ্যমন্ত্ৰীয়ে ১৮ ৰ পৰা ২৫ নৱেম্বৰলৈ ৮ দিনীয়াকৈ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী পালন কৰাৰ বিষয়ে উল্লেখ কৰে। দুটা পৰ্যায়ত লাচিত জয়ন্তী অনুষ্ঠিত কৰা হ’ব। ১৮ নৱেম্বৰত সৈনিক অভিবাদনেৰে আৰম্ভ হ’ব জয়ন্তী। ১৯ নৱেম্বৰত স্কুল-কলেজত চিত্ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ২০ নৱেম্বৰত যোৰহাটত লাচিত মৈদামৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব।মুখ্যমন্ত্ৰীয়ে কয়- দুবছৰৰ ভিতৰত আমি প্ৰস্তাৱিত প্ৰকল্প নিৰ্মাণকাৰ্য সম্পন্ন কৰিম। ২৩ নৱেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। এই আলোচনা চক্ৰ আহোম যুগৰ সোণালী অধ্যায়ৰ ওপৰত আলোচনা-চক্ৰ অনুষ্ঠিত কৰা হ’ব। ইয়াৰ লগতে ২৩ নৱেম্বৰতে বিজ্ঞান ভৱনত এখন কেন্দ্ৰীয় সংগ্ৰহালয় প্ৰদৰ্শন কৰা হ’ব। ২৪ নৱেম্বৰত বিজ্ঞান ভৱনতে আন এখন আলোচনা-চক্ৰ অনুষ্ঠিত কৰাৰ লগতে উক্ত দিনাই বিয়লি ৪ বজাৰ কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশ ল’ব। মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে- ২৫ নৱেম্বৰৰ পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথি হিচাপে অংশ ল’ব। প্ৰধানমন্ত্ৰীৰ ওচৰত বৰ্ণাঢ্য অনুষ্ঠান প্ৰদৰ্শন কৰা হ’ব।