ছেপ্টেম্বৰ মাহটোক ‘মাৰক মাহ’ বা কিলাৰ ছেপ্টেম্বৰ হিচাপে অভিহিত ৰাছিয়াৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বত অধিকসংখ্যক লোক দৈনিক কৰʼনাত সংক্রমিত হৈ থকা দেশৰ ভিতৰত ৰাছিয়া অন্যতম হিচাপে চিহ্নিত হৈছে।ৰাছিয়াৰ বাবে ২০২১ৰ ছেপ্টেম্বৰ মাহটো আছিল আটাইতকৈ ভয়াবহ।ৰাছিয়াই দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত ইমান সংখ্যক মানুহৰ মৃত্যু হোৱা দেখা নাছিল।ৰাছিয়াৰ চৰকাৰে ছেপ্টেম্বৰ মাহটোক ‘মাৰক মাহ’ বা কিলাৰ ছেপ্টেম্বৰ হিচাপে অভিহিত কৰিছে। ছেপ্টেম্বৰ মাহত দেশখনত ক’ভিড-১৯ ত ৪৪,২৬৫জন লোকে প্ৰাণ হেৰুৱাইছিল। পুটিনৰ দেশে এনে মহামাৰী প্ৰত্যক্ষ কৰিবলগীয়া হোৱা নাছিল।সেইবাবে মস্কো প্রশাসনে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।চৰকাৰে দেশখনত ৭ নৱেম্বৰ পর্যন্ত সকলো বন্ধ ঘোষণা কৰিছে।ৰাছিয়াত এতিয়ালৈকে ক’ভিডত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা প্রায় পাঁচ লাখ।