চৌদি ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানক ৰাজ্যৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নামাকৰণ

Pc News18

চৌদি ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানক ৰাজ্যৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নামাকৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- চৌদি আৰৱৰ ৰজা ছলমান বিন আব্দুলাজিজে নিজৰ পুত্ৰ তথা উত্তৰাধিকাৰী ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানক ৰাজ্যখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিছে বুলি এক ৰাজকীয় আদেশত প্ৰকাশ পাইছে। ইয়াৰ পূৰ্বে ছলমানে উপ-প্ৰধানমন্ত্ৰীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ ঠাইত তেওঁৰ কনিষ্ঠ ভাতৃ খালিদ বিন ছালমানক প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে , যি উপ প্ৰতিৰক্ষা মন্ত্ৰী আছিল।