চিত্রকুটত হ’বলগীয়া সংঘৰ প্ৰান্ত প্ৰচাৰকৰ বৈঠকত অংশ ল’ব মোহন ভাগৱতে

pc The Indian Express

অনলাইন বাৰ্ত্তাসেৱা – উত্তৰ প্ৰদেশত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনক লৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ শীর্ষ নেতৃত্ব সক্ৰিয়তা দেখিবলৈ পোৱা গৈছে। সংঘই ৰাজ্যখনৰ চিত্ৰকুটত ৯ জুলাইৰ পৰা ১৩ জুলাইলৈ প্ৰান্ত প্ৰচাৰকসকলৰ এখন বৈঠক আহ্বান কৰিছে। উক্ত বৈঠকত সংঘৰ মুৰব্বী মোহন ভাগৱত, সৰ-কাৰ্যবাহ দত্তাত্রেয় হোছবলে, কৃষ্ণগোপাল, অৰুণ কুমাৰ, মনমোহন বৈদ্য, ভাইয়াজী যোশীসহিতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাজনো শীর্ষ নেতৃত্বই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰেও দেশৰ নানা স্থানৰ জ্যেষ্ঠ প্ৰচাৰকে ভার্চুৱেলি উক্ত বৈঠকত অংশ ল’ব। উক্ত বৈঠকখনত বিধানসভা নিৰ্বাচনসমূহৰ উপৰি কৰ’নাৰ স্থিতি আৰু অন্যান্য প্রসংগত আলোচনা হোৱাৰ সম্ভৱনা আছে। স্মর্তব্য যে যোৱা পহিলা জুনত সংঘৰ সৰ-কার্যবাহ দত্তাত্রেয় হোছবলেয়ে চাৰিদিনীয়া কাৰ্যসূচী লৈ লক্ষ্ণৌ ভ্রমণত গৈছিল। লক্ষ্ণৌ ভ্ৰমণৰ পাছতে হোছবলেয়ে দাখিল কৰা প্রতিবেদনক  লৈ মোহন ভাগৱতসহিতে শীর্ষ নেতৃত্বৰ মাজত আলোচনা অনুষ্ঠিত হৈছিল।