চিকিৎসকসকলে ৰামদেৱে এলোপেথিৰ ওপৰত কৰা মন্তব্যৰ বিৰুদ্ধে পালন কৰে ‘ক’লা দিৱস’

pc Zee News

অনলাইন বাৰ্ত্তাসেৱা – যোগগুৰু ৰামদেৱে এলোপেথি সন্দৰ্ভত কৰা কথিত মন্তব্যৰ প্ৰতিবাদত সমগ্ৰ দেশৰ চিকিৎসকসকলে “ক’লা দিৱস” পালন কৰিছে য’ত তেওঁ স্পষ্টভাৱে আধুনিক চিকিৎসাক “মূৰ্খ” বুলি অভিহিত কৰিছে। তেখেতে কৰোনাভাইৰাছ মহামাৰীৰ সময়ত এই মাৰাত্মক ৰোগবিধতকৈ আধুনিক ঔষধৰ ফলতহে লোকৰ অধিক মৃত্যু হোৱা বুলি কৰা  কথিত “অসংবেদনশীল আৰু অপমানজনক” এই মন্তব্যৰ বাবে বিভিন্ন চিকিৎসা সংস্থাই “চৰ্তহীন মুকলি ৰাজহুৱা ক্ষমা” দাবী কৰিছে।

FORDAৰ সভাপতি ড০ মনীষে মন্তব্য কৰে  এই যে প্ৰতিবাদ আয়ুৰ্বেদৰ বিৰুদ্ধে নহয় ৰামদেৱৰ বিৰুদ্ধেহে।