চাৰ্টৰ্ড একাউণ্টছৰ ৰাষ্ট্ৰীয় সন্মিলন

pc- The Sentinel Assam

চাৰ্টৰ্ড একাউণ্টছৰ ৰাষ্ট্ৰীয় সন্মিলন

অনলাইন বাৰ্ত্তাসেৱা– আই চি এ আইৰ গুৱাহাটী শাখাৰ উদ্যোগত ভাৰ্চ্যুয়েল মʼডত তিনিদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় সন্মিলন ‘প্ৰাৰম্ভ-নতুন সুযোগৰ এক যুগ’ অনুষ্ঠিত হʼব। সাংসদ সুৰেশ প্ৰভুৱে সন্মিলনৰ উদ্বোধন সত্ৰত অংশগ্ৰহণ কৰিব। সন্মিলন আই চি এ আইৰ অধ্যক্ষ চি এ ড০ দেৱাশীষ মিত্ৰ, প্ৰাক্তন অধ্যক্ষ চি এ নীলেশ বিকমেছ, চি এ মনোজ ফডনীছ, চি এ অমৰজিৎ চোপড়া, চি এ বেদ জৈন, ই আই আৰ চিৰ উপাধ্যক্ষ চি এ ৰৱি কুমাৰ পটৱা, বিশেষজ্ঞ চি এ পি আৰ ৰমেশ, চি এ সঞ্জীৱ চৌধৰী, চি এ ড০ গিৰীয আহূজা, চি এ জয় চৈৰা, চি এ যতীন হৰজাই আৰু চি এ যতীন কিষ্টোফাৰ সম্বন্বিত বিশেষজ্ঞ, নেতা আৰু প্ৰতিষ্ঠিত বক্তা একেখন মঞ্চত উপৱিষ্ট হʼব। তিনিদিনীয়া এই ৰাষ্ট্ৰীয় সন্মিলনখন তিনিখন পাৱাৰ পেক অনলাইন সত্ৰৰে বিয়লি ৪ বজাৰ পৰা ৰাতি ৮ বজালৈ অনুষ্ঠিত হʼব। মিডিয়া আৰু প্ৰচাৰ সমিতিৰ অধ্যক্ষ চি এ স্বাতি তেজাৱতে কয় যে মেগা সন্মিলনত দেশৰ বিভিন্ন স্থানৰ সদস্য, ছাত্ৰ-ছাত্ৰী আৰু আমন্ত্ৰিত অতিথি সম্বন্বিতে সহস্ৰাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। সন্মিলনৰ বাবে অনলাইন পঞ্জীয়ন https://bit.ly/2WVkpxp ত প্ৰতিনিধিসকলে কৰিব পাৰিব।

 (RT)