চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পৰৱ – লখিমী শৰ্মা

PC - Wikipedia
চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পৰৱ
লখিমী শৰ্মা, যোৰহাট 
অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলে পালন কৰে ” কৰম পৰৱ ” অৰ্থাৎ ” কৰম পূজা ” । কৰম পূজা অসমৰ চাহ জনগোষ্ঠী লোকসকলৰ প্ৰধান জাতীয় উৎসৱ । কৰম পূজা মূলতঃ এটা কৃষিভিত্তিক উৎসৱ। কৰম পূজা চাহ জনগোষ্ঠীয় লোকসকলৰ জীৱনৰ লগত একাত্ম হৈ থাকে।কৰম পূজা মূলতঃ কৃষিভিত্তিক অনুষ্ঠান । এই পূজা বছৰৰ বিভিন্ন সময়ত তিনি বাৰ কৰা হয় । যেনে-  ভাদ মাহৰ শুক্লা একাদশীত ” জিতিয়া কৰম ” , আহিন মাহৰ বিজয়া দশমীত ” বুঢ়ী কৰম ” আৰু আঘোণ মাহৰ পূৰ্ণিমা তিথিত ” ৰাস কৰম ” পালন কৰা হয় । হ’লেও ভাদ মাহৰ শুক্লা একাদশীৰ জিতিয়া কৰমেই চাহ বনুৱা সমাজত আটাইতকৈ আড়ম্বৰপূৰ্ণ , উলাহ ভৰা উৎসৱ ।তাহানি ব্ৰিটিছে চাহ বাগিচাসমূহত কাম কৰাবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এচাম লোকক বনুৱাৰ ৰূপত লৈ আহিছিল।কালক্ৰমত এওঁলোক হৈ পৰে অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ । বৰ্তমান সমগ্ৰ অসমৰ চুকে – কোণে সিঁচৰতি হৈ থকা চাহ বনুৱাসকলেই হৈছে আমাৰ প্ৰাণৰ সখা।এওঁলোকৰ কিছুমান স্বকীয় পৰম্পৰা আৰু ঐতিহ্যই চাহ জনগোষ্ঠীটোকে বৰ্ণাঢ্য কৰি তোলা নাই , বৰঞ্চ আমাৰ অসমৰ সাংস্কৃতিক জগতখনকো চহকী কৰি তুলিছে । চাহ বনুৱা সমাজত অতীজৰে পৰা কিছুমান পূজা – পাৰ্বণ, আচাৰ – অনুষ্ঠান আছে । এই পূজা – পাৰ্বণসমূহৰ ভিতৰত কৰম পূজা বা পৰৱেই চাহ বনুৱা সমাজৰ আটাইতকৈ আড়ম্বৰপূৰ্ণ আৰু উৎসাহ ভৰা পূজা বা অনুষ্ঠান।ল’ৰা – ছোৱালীৰ পৰা বুঢ়া – বুঢ়ীলৈকে সকলোৱে মতলীয়া হৈ পৰে এই পূজাত , ঢোল – মাদলৰ ছেৱে – ছেৱে নাচোনৰ পয়োভৰ হয় ডেকা – গাভৰুৰ মাজত ।  সকলোৱে যেন আন কাম পাহৰি আত্মহাৰা হৈ পৰে এই উৎসৱত।কৰম পূজাৰ গুৰুত্বপূৰ্ণ অংশটো হৈছে ” বালি উঠা ” বা ঝৱা ধৰা ।এই পূজাত অংশ ল’ব বিচৰা জীয়ৰী – বোৱাৰীসকল উপবাসে থকাটো নিয়ম।উপবাসে থকা মহিলাসকলক কৰমতী বুলি কোৱা হয় । কৰমতীসকলে পূজাৰ তিনি, পাঁচ আৰু সাত দিন মানৰ আগতে ঢোল, মাদল, বাঁহী আদিৰ ছেৱে – ছেৱে ধূপ – দীপ, নৈবেদ্যসহকাৰে কোনো এক পুখুৰী বা নদীৰ ঘাটলৈ গৈ স্নানাদি কাৰ্য সমাপন কৰি এডোখৰ ভাল ঠাইলৈ ধূপ – দীপ , নৈবেদ্য আদিৰে পূজা – অৰ্চণা কৰি , আৰতি গাই লগত নিয়া নতুন পাত্ৰ বা পাচিত সকলোৱে একাজলি বালি ভৰায়।এই বালিতেই কৰমতীসকলে লগত নিয়া মাটিমাহ , বুটমাহ , মগুমাহ , ধান , বজৰা , সৰিয়হ আদি শস্য ব্যক্তিগতভাৱে চিন ৰাখি সিঁচি দিয়ে আৰু সেই শস্য আনি গাঁৱৰ এঘৰত থয় । পূজাৰ দিনালৈ মাহ , সৰিয়হ আদিৰ গজালিবোৰ কেই আঙুল মান বাঢ়িবলৈ ধৰে আৰু ইয়াকো ঝৱা ধৰা বুলি কোৱা হয় । ঝৱা ধৰা দিনৰে পৰা পূজাৰ দিনলৈ গৃহস্থৰ ঘৰত প্ৰতিদিনে সন্ধিয়া চাকি – বন্তি জ্বলাই নৃত্য গীতৰ আয়োজন কৰি ঝৱা ধৰাৰ নিয়ম । আনহাতে ঝৱা ধৰা দিনৰে পৰা পূজাৰ দিনলৈ কোনেও হাই – কাজিয়া বা কোনো গণ্ডগোল কৰিব নাপায় । তেনে কৰিলে কৰম দেৱতা বিতুষ্ট হ’ব পাৰে বুলি আশংকা কৰা হয় ।পূজাৰ বাবে সাধাৰণতে কৰম গছৰ ডাল কাটি আনি মাটিত পুতি ঘৰুৱা থানত পূৰ্বপুৰুষক সুঁৱৰি পূজা পাতে । অৱশ্যে আজিকালি ইয়াৰ বাহিৰেও কদম গছ , বৰ গছ , বাঁহ গছ , কুঁহিয়াৰ আদি পুতিও পূজা কৰা হয় । ডাল পুতি পূজা কৰা সকলক ‘ ডাল কৰম ‘ আৰু বাঁহ ফালি ফুলবাৰী কৰা কৰমক ‘ ফুল কৰম ‘ বুলি কোৱা হয়। কৰমতীসকলে সিদিনাই চোতালত কৰম বেদী স্থাপন কৰি তাত ফুল – পুষ্পৰে সজাই তুলি যথা নিয়মে ধূপ – দীপ জ্বলাই আৰতি বা চুমান কৰি ঝৱা অৰ্পণ কৰাৰ লগতে নানান উপচাৰ দি আগবঢ়োৱা হয় । সন্ধিয়া ভগাৰ লগে লগে উপবাসে থকা কৰমতীসকলে বেদীৰ কাষত বৃত্তাকাৰে বহি লোকাচাৰ অনুসাৰে কহনী বুঢ়া ( পুৰোহিত ) কোৱা কৰম পূজাৰ প্ৰৱৰ্তক কৰমা আৰু ধৰমাৰ কাহিনী শুনে।তাৰ পিছত নৃত্য – গীত আৰম্ভ হয় । ঝুমুৰ আদি নৃত্য – গীতেৰে ডেকা – গাভৰুসকলে গোটেই নিশা প্ৰাণৰ আৱেগ প্ৰকাশ কৰে । ঝুমুৰ নৃত্য – গীতসমূহৰ মাজেৰে ডেকা – গাভৰুসকলে যেন প্ৰকাশ কৰে সামাজিক আৰু ব্যক্তিগত জীৱনৰ সুখ – দুখ , হা – হুমুনিয়াহ , বিৰহ – বেদনা আদি । গোটেই নিশা পূজা চলাৰ পিছত পিছদিনা সূৰ্য্যোদয়ৰ লগে লগে কৰম ডালটো উভালি আনি ঢোল – মাদকৰ ছেৱে – ছেৱে নৃত্য গীতৰ মাজেৰে কৰমতীসকলে নাচি – বাগি নৈ বা পুখুৰীৰ পাৰলৈ গৈ সেইটো উটুৱাই দিয়ে । সেইদিনাই গধূলি বা আঠদিনৰ দিনা কৰমতীসকলে ‘ গাডা ভোতা ‘ পাতে । সময়ৰ লগে লগে বিভিন্ন কাৰণত অৱশ্যে পৰম্পৰাগত নিয়মৰ কিছু সাল – সলনি হোৱাও দেখা যায় । মূলতঃ কৃষিভিত্তিক এই কৰম পূজা চাহ বনুৱা সমাজৰ পূজা – পাৰ্বণসমূহৰ ভিতৰত আটাইতকৈ আড়ম্বৰপূৰ্ণ , উৎসাহ ভৰা আৰু গুৰুত্বপূৰ্ণ উৎসৱ বা পৰ্ব বুলি গণ্য কৰা হয় ।