চম্পাৱতীৰ পাৰে পাৰে.. —
পাহাৰৰ গৰ্ভৰ পৰা বৈ অহা এখন নৈৰ নাম “চম্পাৱতী”। ইয়াৰ গাতে প্ৰকৃতিৰ অপৰূপ সৌন্দয্যই আবৰি ৰাখিছে। কুলু কুলু শব্দৰে বিৰাম হীন ভাবে বৈ আহিছে চম্পাৱতী।নিবাৰন কৰিছে মানুহৰ ক্ষুধা তথাপিতো অহংকাৰ নাই আপেক্ষ নাই বিৰামহীন নৈ খনৰ।
কিন্তু পাৰত গঢ় লৈ উঠা আমাৰ এই শিক্ষিত সমাজৰ এচাম লোকৰ দাম্ভিকতা দেখি নৈ খন আচৰিত হয়। কোৱাৰ শক্তি থকা হ’লে নৈ খনে নিশ্চয় ক’লে হেঁতেন “হেৰৌ তঁহতে এই অহংকাৰবোৰ মোৰ বুকুতে বিসৰ্জ্জন দে নহʼবা অদুৰ ভবিষ্যতত ইয়াৰ ফল বেয়া হ’ব,ক্ষতি হ’ব তহঁতৰ।”
এই চম্পাৱতী কাষতে এদিন সৌৰভ মানে সৌৰভ বৰাই নিজৰ জীৱিকাৰ সন্ধানত ক্লান্ত হৈ পৰা দেহাটো লৈ জিৰনি লৈছিলহি। সময়ত তাৰ সৰু সপোনবোৰ বুকুত লৈ নিজৰ সৰু ব্যৱসায়টো আৰম্ভ কৰিছিল সি।
নৈখন তাৰ আপোন।সকলোৱে প্ৰথম অৱস্থাত তাক সহায় কৰিছিল।সিয়ো ভাবিছিল সকলো তাৰ লগত আছে,আপোন।কিন্তু এই সকলৰ ভিতৰত যে এচামে মুখেৰেহে ভাল পোৱাৰ অভিনয় কৰিছিল বা অন্তৰত তাৰ উন্নতি দেখি জুই জ্বলি আছিল সি কথা সি জনা নাছিল।
তাৰ ব্যৱসায়িক জীৱনত লগ পোৱা সকলৰ ভিতৰত পৰামৰ্শ দিয়া বহুজন লোক সি লগ পাইছিল যাৰ নিজস্ব কোনো কোনো বৃহৎ প্ৰতিষ্ঠান আছিল।কোনো নাম নজনা ষড়যন্ত্ৰৰে নিজৰ প্ৰতিষ্ঠান গঢ়া এচাম অৰ্ধশিক্ষিতৰ সংগও সি পাইছিল,যি নেকি নিজৰ সামান্য জ্ঞানকে লৈ উচ্চ বুলি ভাৱি তাক এনে কিছুমান পৰামৰ্শ দি,তাৰ জীৱনলৈ কʼলা মেঘ এচপৰা নমাই আনিছিল স্ব-ইচ্ছাই। তাৰ ব্যৱসায়ৰ ওপৰত সিহঁতৰ চকু পৰাৰ বাবেই সিহঁত বোৰে অহিত চিন্তা কৰি এদিন তাৰ কষ্টৰে জন্ম দিয়া ব্যৱসায় টো শোচনীয় কৰি পেলাইছিল। ….
নৈৰ পাৰত সি হৃদয় উজাৰি কান্দিছিল সেইদিনা।নদীখনেও যেন তাৰ দুখত হৈছিল ম্ৰিয়মান।।
তাক স্থান দিয়া প্ৰকৃতিৰ সৃষ্টি এই চম্পাৱতী আইক সেৱা জনাই সেই স্থানৰ পৰা বিদায় লৈছিল সি বুকুত অলেখ সাহস লৈ।
আকৌ নতুনকৈ নিজৰ সপোনৰ ব্যৱসায় টো আৰম্ভ কৰিলে সি, একান্ত মনে।
কথাতে কয় বিপদত ধৈৰ্য্য ধৰাতো জ্ঞানী লোকৰ কাম। সচাকৈয়ে আজি সি সমাজত প্ৰতিষ্ঠত এজন ব্যৱসায়ী।
পিছলৈ ঘুৰি চাব লগা নহ’ল তাৰ কাহানিও কাৰন তাৰ সততা আৰু একনিষ্ঠতাই তাক সদায়েই কৰ্মদ্যোমী কৰি ৰাখিলে।…
নৈখনো এদিন উগ্ৰ হৈ বুৰাই লৈ গ’ল তাক এদিন অপদষ্ট কৰাসকলৰ ষড়যন্ত্ৰবোৰ নিমিষতে..।
তেওঁবোৰ সৌৰভৰ শৰাপন্ন হোৱাৰ দিশে।
বি:দ্ৰ: নৈখন অবিৰামভাৱে আজিও বৈ আছে।পাৰৰ মানুহৰ আক্ৰোশতাবোৰ নৈখনে খহাই গৈছে সময়ে সময়ে।
দিলীপ কুমাৰ বৰা
কলিয়াবৰ