গ্ৰামাঞ্চলৰ উন্নয়নেহে দেশৰ সামগ্ৰিক উন্নয়ন সূচাবঃ মন্ত্ৰী অতুল বৰা

গ্ৰামাঞ্চলৰ উন্নয়নেহে দেশৰ সামগ্ৰিক উন্নয়ন সূচাবঃ মন্ত্ৰী অতুল বৰা
পশুধন আৰু হাঁহ কুকুৰা মেলা-২০২৩ ৰ শুভ উদ্বোধন

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগ আৰু অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৭ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ আয়োজন কৰা ২০২৩ বৰ্ষৰ পশুধন আৰু হাঁহ কুকুৰা মেলাৰ আজি শুভ উদ্বোধন কৰে অসম চৰকাৰৰ কৃষি, পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই৷ খানাপাৰৰ পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ সৰ্বাংগীণ উন্নয়নেহে দেশৰ অৰ্থনীতি সবল কৰি সামগ্ৰিক উন্নয়ন সূচাব৷ এই ক্ষেত্ৰত পশুপালন তথা কৃষি খণ্ডৰ সৈতে নতুন প্ৰজন্মক জড়িত কৰি এই খণ্ডক অধিক জনমুখী কৰাটো অতি আৱশ্যক৷ বিজ্ঞানসন্মত পশুপালন কৌশলসমূহ আয়ত্ত কৰি পৰম্পৰাগতভাৱে কৰা পশুপালন আৰু হাঁহ কুকুৰা পালন ব্যৱস্থাক বৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহে এই খণ্ডটোৱে গ্ৰামাঞ্চলৰ লোকক স্বাৱলম্বী কৰি তুলিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে৷ তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পশুপালন তথা কৃষিখণ্ডৰ সৈতে জড়িত লোকসকলৰ সহায়ৰ বাবে চৰকাৰে বহুসংখ্যক ধবজাবাহী আঁচনি হাতত লৈছে৷ পশুপালকসকলক উৎসাহিত কৰি নতুন নতুন বিজ্ঞানসন্মত পদ্ধতি সম্পৰ্কে অবগত কৰি প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যৰে আয়োজন কৰা এই মেলাত প্ৰদৰ্শনীৰ উপৰিও প্ৰশিক্ষণ আৰু কৰ্মশালাৰো ব্যৱস্থা কৰিছে৷ এই মেলাৰ জৰিয়তে ৰাজ্যখনৰ যুৱ-উদ্যোগী, কৃষক, পশুপালকসকলক পশুপালন খণ্ডৰ প্ৰতি আকৰ্ষিত কৰি তেওঁলোকক বিভাগৰ তৰফৰ পৰা আৰ্থিকভাৱে, উপযুক্ত প্ৰশিক্ষণ যোগে বৈজ্ঞানিক তথা কাৰিকৰী জ্ঞান প্ৰদান কৰি আত্মনিৰ্ভৰ কৰাৰ প্ৰয়াস কৰা আৰু সজাগতা বৃদ্ধিয়েই মেলাখনৰ মূল উদেশ্য বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ এই ক্ষেত্ৰত চৰকাৰে হাতত লোৱা বিভিন্ন আঁচনি যেনেঃ পশুধনৰ বিনামূলীয়া প্ৰতিষেধক প্ৰদান, মোৱাইল ভেনৰ দ্বাৰা ভ্ৰাম্যমাণ পশুচিকিৎসা গোট গঠন, তিনিখনকৈ চুপাৰস্পেচিয়েলিটি পশুচিকিৎসালয় স্থাপন আদি পদক্ষেপৰ বিষয়ে মন্ত্ৰী শ্ৰীবৰাই অবগত কৰে৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, দেশৰ অগ্ৰণী পাঁচখন ৰাজ্যৰ ভিতৰত অসমক অন্যতম হিচাপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত পশুপালন খণ্ডৰ জৰিয়তে স্বনিৰ্ভশীল হোৱাটো নিতান্ত প্ৰয়োজন৷ প্ৰচুৰ সম্ভাৱনাময় এই ক্ষেত্ৰখনৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক নিষ্ঠাৰে কাম কৰি সুপৰিকল্পিতভাৱে আগবাঢ়িবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ অনুষ্ঠানত ‘পশুপালনঃ আত্মনিৰ্ভৰশীলতা সোপান’ আৰু ‘পশুপালনৰ দিহা’ নামেৰে তথ্য পুস্তিকাৰো উন্মোচন কৰা হয়৷ পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয় যে, কুকুৰা উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখন স্ব-নিৰ্ভৰ হৈ পৰিছে৷ একেদৰে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো বহুখিনি আগুৱাই গৈছে৷ সম্পূৰ্ণভাৱে বহিঃৰাজ্যৰ ওপৰত নিৰ্ভৰ নকৰি স্ব-নিৰ্ভৰ হ’বলৈ বিজ্ঞানসন্মত পদ্ধতি অবলম্বন কৰি পশুপালন আৰু পশুচিকিৎসা বিভাগ আৰু পশুধন আৰু হাঁহ কুকুৰা নিগমে প্ৰদান কৰা প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ পশুপালকসকলক তেওঁ আহ৩ান জনায়৷ পশুপালকসকলক উৎসাহিত কৰিবলৈ এই মেলাতে প্ৰতিখন জিলাৰ চাৰিগৰাকী শ্ৰেষ্ঠ পশুপালকক বঁটা প্ৰদানৰো ব্যৱস্থা কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে৷ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ প্ৰধান সচিব মনীষ ঠাকুৰে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুৎ চন্দন ডেকা, পশুধন আৰু পশুচিকিৎসা বিভাগৰ সচিব অভিজিত বৰুৱা, সচিব তথা সঞ্চালক ইন্দিৰা আৰ কলিতা, দুগ্ধ উন্নয়নৰ সঞ্চালক কৰুণানন্দ শৰ্মা, পশুচিকিৎসা মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু বিবেকানন্দ শইকীয়াৰ লগতে বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷