গ্ৰন্থ – পুলিন ডেকা

p.c the write life

গ্ৰন্থ

প্ৰেৰণাৰ উৎস
গ্ৰন্থ হৈছে এখন খোলা খিড়িকী , যাৰ জৰিয়তে সীমাহীন জ্ঞান
সঞ্চয় কৰাটো সম্ভৱ। ইয়ে চিন্তাৰ পৰিসৰ ব্যাপ্ত কৰাৰ লগতে বৌদ্ধিক
সত্তাৰ বিকাশ সাধন কৰে। অস্ত্ৰতকৈ গ্ৰন্থৰ শক্তি অপৰিসীমা…

গ্ৰন্থ হৈছে সৃষ্টিশীল মনৰ প্ৰতিফলন। একো একোখন মহৎ গ্ৰন্থই মানুহৰ জীৱনত সৰ্বাত্মক প্ৰভাৱ পেলায়। মানুহৰ মনন জগতক গ্ৰন্থই প্ৰভাৱিত কৰি চিন্তাৰ জগতখনক প্ৰভাৱিত কৰিব পাৰে। সৃজনাত্মক মন এটি উন্মেষিত কৰাৰ দিশত গ্ৰন্থই মাৰ্গ দৰ্শন দিয়াৰ লগতে আলোকসন্ধানী পথেৰে যোৱাৰ দিশত নব্য প্ৰবাহৰ সূচনা কৰে। গ্ৰন্থই যি জ্ঞান প্ৰদান কৰে, তাৰ জৰিয়তে মানুহ নৱ ৰূপত আত্মপ্ৰকাশ কৰাৰ বাবে সন্মুখৰ পথ প্ৰশস্ত কৰাৰ দিশতো ক্ষমতা আহৰণ কৰে। গ্ৰন্থৰ ইতিহাসত ভিন্ন ৰূপত ইয়াৰ স্বৰূপ প্ৰকাশি আহিছে। বহু বৰেণ্য ব্যক্তিৰ জীৱনত গ্ৰন্থই এনেভাৱে আলোড়িত কৰিছে যে সমগ্ৰ জীৱনব্যাপী তাৰ সেই শক্তিৰে উদ্ভাসিত হৈ আমাৰ সভ্যতাক অধিক মহীয়ান কৰি যাবলৈ সমৰ্থ হৈছে। চিন্তন আৰু মনন জগতৰ সংযোগ সাধন কৰি প্ৰত্যয়দীপ্ত দিশেৰে আগুৱাই যাবলৈ হ‘লে মানুহৰ চেতনাক উদ্দীপ্ত কৰাটো নিত্যন্তই প্ৰয়োজন। আত্মবিশ্বাস, ধৈৰ্য, সাহস তথা কল্পনাপ্ৰসূত মন এটাক বাস্তৱধৰ্মী কৰিবলৈ হ‘লে এটা সত্য পথৰ প্ৰয়োজন। যুগে যুগে গ্ৰন্থই মানুহক জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাই আহিছে। প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ড০ এ পি জে আব্দুল কালামে এবাৰ কটক চহৰলৈ গৈছিল স্বৰ্গীয় বিচাৰপতি হৰিহৰ মহাপাত্ৰৰ জন্মদিনৰ অনুষ্ঠানত যোগদান কৰাৰ উদ্দেশ্যে । অনুষ্ঠানত বক্তব্য দিয়াৰ পিচত উপস্থিত ছাত্ৰ- ছাত্ৰীৰ সৈতে মত বিনিময় কৰিছিল। এজন ছাত্ৰই আব্দুল কালামক প্ৰশ্ন কৰিছিল – ‘ ছাৰ আপোনাৰ প্ৰিয় গ্ৰন্থ কি?‘ উত্তৰত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছিল চাৰিখন গ্ৰন্থৰ কথা। নোবেল পুৰস্কাৰেৰে বিভূষিত গ্ৰন্থ এলেক্সেছ কেৰলিৰ ‘মেন দা আনন‘ন। এই গ্ৰন্থখন শৰীৰ আৰু মনৰ দৰ্শনক লৈ লিখা হৈছিল। দ্বিতীয়খন গ্ৰন্থ আছিল তামিল ভাষাত লিখা থিৰুভাল্লুভাৰৰ ‘থিৰু… ইয়াক তামিল ভাষাৰ বেদ হিচাপে বহুতে অভিহিত কৰি আহিছে। তৃতীয়খন গ্ৰন্থ আছিল লিলিয়ান ইটচলাৰ ৱাটছনৰ ‘ লাইট ফ্ৰম মেনি লেম্প‘ । চতুৰ্থখন গ্ৰন্থ আছিল ‘পবিত্ৰ কোৰান‘ । এই গ্ৰন্থকেইখনে আব্দুল কালামক ইমানেই প্ৰভাৱিত কৰিছিল যে তেওঁৰ কৰ্ম আৰু জীৱন সন্দৰ্ভত ধাৰণা সলনি কৰি পেলাইছিল। মহান বিজ্ঞানী আইনষ্টাইনৰ জীৱনত গ্ৰন্থৰ প্ৰভাৱ অপৰিসীম। তেওঁৰ ‘থিয়ৰি অব্ ৰিলেটিভিট ‘য়ে আধুনিক বিজ্ঞান জগতখনলৈ এনে এক ৰূপান্তৰ আনে, যাৰ ফলত আধুনিক বিশ্বই নৱ দিশেৰে গতি কৰাৰ পথ প্ৰশস্ত কৰি তোলে। এইগৰাকী বিজ্ঞানীয়ে নিজে স্বীকাৰ কৰিছে যে এই সূত্ৰ উদ্ভাৱনত এখন গ্ৰন্থই তেওঁ মানসিক জগতখনক এনেভাৱে প্ৰভাৱিত কৰিছিল যে যাৰ ফলত বিজ্ঞানমনস্ক দিশটোৱে অতি গভীৰতালৈ প্ৰৱেশ কৰে। ঊনবিংশ শতিকাৰ অষ্ট্ৰিয়ান দাৰ্শনিক তথা পদাৰ্থবিদ এন্চ মাখে লিখা এখন বিখ্যাত গ্ৰন্থ আছিল ‘ এনালইচিছ অব্ ছেনচেচন ’ । মাখে মানুহৰ ইন্দ্ৰিয়নুভূতিৰ ছয়াময়া ৰূপ আৰু অহমিকা ভাবৰ পৰিৱৰ্তনক্ষম দিশসমূহ তুলি ধৰিছিল। মাখৰ নীতিৰ আধাৰত ঘনত্বৰ ভিতৰত হোৱা আন্তঃক্ৰিয়াৰ বাবেই জড়তাৰ সূচনা হয়। এই বিষয়টোকে আইনষ্টাইনে বিজ্ঞানসন্মতভাৱে প্ৰমাণ কৰে। জিৰণি অথবা জীৱনটোক উপভোগ্য কৰি তুলিবলৈ তেওঁ স্পেইনৰ সাহিত্যিক মিগেল দি চেৰভানটেজৰ ‘ডন কেথকটে’ অধ্যায়ন কৰিছিল। ভিক্টোৰিয়ান যুগৰ কবি ডব্লিউ অ’ হেনলেৰ ‘ইনভিকটাছ ’ কবিতাটোৱে বিশ্বৰ অগণন লোকক সাহস আৰু প্ৰেৰণা যোগাই গৈছে। কবিতাটোত তেওঁ কৈছে যে মই মোৰ ভাগ্যৰ গৰাকী আৰু মই মোৰ আত্মাৰ কেপ্টেইন । নেলছন মেণ্ডেলাক এই কথাটোৱে ইমানে প্ৰভাৱিত কৰিছিল যে কাৰাগাৰত থকাৰ সময়ত এই কবিতাফাঁকি মনত পেলাই তেওঁ মানসিকভাৱে শক্তিশালী হৈ আছিল। গ্ৰন্থ হৈছে এখন খোলা খিড়িকী , যাৰ জৰিয়তে সীমাহীন জ্ঞান সঞ্চয় কৰাটো সম্ভৱ। ইয়ে চিন্তাৰ পৰিসৰ ব্যাপ্ত কৰাৰ লগতে বৌদ্ধিক সত্তাৰ বিকাশ সাধন কৰে। অস্ত্ৰতকৈ গ্ৰন্থৰ শক্তি অপৰিসীম। অস্ত্ৰই নমাই আনে ধ্বংস আৰু মৃত্যু। ইয়াৰ বিপৰীতে গ্ৰন্থই মানৱীয় মূল্যবোধ আৰু জ্ঞানদীপ্ত সমাজ এখন গঢ়ি তুলিব পাৰে। এটা সময়ত নালন্দা বিশ্ববিদ্যালয়ৰ গ্ৰন্থগাৰ জ্বলাই দিয়া হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজীবাহিনীয়ে বাৰ্লিনৰ ব্ৰেডফৰ্ডলৈ পথৰ ওপৰত জ্বলাই দিছিল গ্ৰন্থ। বহু সময়ত বহু গ্ৰন্থই নিষিদ্ধ কৰা হৈছিল। সাহিত্যিকক কাৰাৰুদ্ধ কৰা হৈছে। জ্ঞান, ধাৰণা আৰু কল্পনাৰ বিৰাট সমাহাৰেৰে পুষ্ট গ্ৰন্থই সকলো প্ৰত্যাহ্বান নেওচি আজিও কোটি কোটি মানুহক দি আহিছে নতুন সভ্যতা নিৰ্মাণৰ প্ৰেৰণা। শব্দই ব্ৰক্ষ আৰু অন্তৰাত্মাক স্পৰ্শ কৰিব পাৰে। বিশ্বই প্ৰতিখন ধৰ্মগ্ৰন্থই দেখুৱাই দিয়ে কিদৰে শতকৰ পিচত শতক বছৰ ধৰি মানুহৰ আধ্যাত্মিক জীৱনধাৰাক উজ্জীৱিত কৰি আহিছে। গ্ৰন্থৰ ভৱিষ্যৎ অন্ধকাৰাচ্ছন্ন নেকি? অডিঅ’-ভিজুৱেল যুগতো ছপা আখৰৰ শক্তি হেৰাই যোৱা নাই। চাইবাৰ যুগতো গ্ৰন্থই নিজস্ব সৌৰভেৰে জিলিকি আছে। আমি গ্ৰন্থ অধ্যয়নক এক বিপ্লৱলৈ নিব লাগিব। শিশুকালৰ পৰা অভিভাৱক আৰু শিক্ষানুষ্ঠানত শিক্ষক- শিক্ষয়িত্ৰীসকলে গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব। গ্ৰন্থই অকল জ্ঞানে নহয়, সামাজিক সংযোগ স্থাপনতো বিশেষ ভূমিকা গ্ৰহণ কৰে। এটা প্ৰজন্মৰ জিজ্ঞাসা ,মনৰ বিশালতা , সাহসী কল্পনা আৰু বিশ্বমুখী দৃষ্টিৰে নিজকে গঢ়ি তোলাৰ দিশত গ্ৰন্থৰ বিকল্প নাই। আমাৰ নিকটৱৰ্তী ৰাষ্ট্ৰ বাংলাদেশৰ এগৰাকী বুদ্ধিজীৱী, শিক্ষাবিদ আব্দুল্লা আবু চৈয়দে ঢাকা মহাবিদ্যালয়ৰ অধ্যাপকৰ পদ ত্যাগ কৰি ‘বিশ্ব সাহিত্য কেন্দ্ৰ’ গঢ়ি তোলে। কঠোৰ প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পিচতো তেওঁ থমকি ৰোৱা নাছিল। আজি এই কেন্দ্ৰৰ অধীনত ৪২ লাখ লোকে দৈনন্দিন অধ্যয়ন কৰে। ইয়ে দেশখনত এক বৌদ্ধিক বিপ্লৱ গঢ়িব তুলিছে। আমি অসমতো এনে এক বিপ্লৱ গঢ়িব নোৱাৰোনে? আমি শিশু সাহিত্যক এনেভাৱে গঢ়ি তুলিব লাগিব যাতে তেওঁলোকে অধ্যয়নৰ প্ৰতি আগ্ৰহী হৈ উঠে। ৰবীন্দ্ৰনাথ ঠাকুৰ , প্ৰেমচান্দ , অৰবিন্দ ঠাকুৰ , সুকুমাৰ ৰায় , লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে বৰেণ্য সাহিত্যিকে দেখুৱাই যোৱা পথেৰে শিশু সাহিত্যৰ উত্তৰণত সৰ্বাধিক গুৰুত্ব দিয়াৰ সময় আহি পৰিছে। সাংস্কৃতিক আৰু সামাজিক জীৱন পৰিমিতভাৱে আগুৱাই নিব লাগিব, মানৱ সভ্যতাই বৌদ্ধিক চেতনাৰে শক্তিশালী কৰিব লাগিব। কোনো প্ৰযুক্তিবিদ্যাই গ্ৰন্থ অধ্যয়নৰ পৰা মানুহক বিচ্ছিন্ন কৰিব নোৱাৰে। আমি ডিজিটেল মাধ্যমৰ লগতে গ্ৰন্থ মেলাসমূহে এইক্ষেত্ৰত এক জাগৰণ আনিবলৈ সক্ষম হৈছে।

পুলিন ডেকা