গ্ৰন্থৰ সুবাস আৰু গ্ৰন্থমেলা- ফখৰুদ্দিন আহমেদ

p.c- time8

গ্ৰন্থৰ সুবাস আৰু গ্ৰন্থমেলা

ফখৰুদ্দিন আহমেদ

এইটো বাৰুকৈয়ে উপলব্ধিৰ বিষয় যে গ্ৰন্থইহে প্ৰকৃততে বিশ্বক শাসন কৰি আহিছে।গ্ৰন্থ বুলি কোৱাৰ লগে লগেই প্ৰাসংগিক ভাবেই উপস্থাপিত হয় গ্ৰন্থৰ ক্ৰমে লেখক , পাঠক আৰু মূলত প্ৰচলিত গ্ৰন্থমেলা সমূহৰ বিষয়ে। সাহিত্যৰ বিভিন্ন বিভাগ সমূহ গ্ৰন্থত সংৰক্ষিত হয়।সাহিত্য হ’ল সংশ্লিষ্ট লেখক গৰাকীৰ জাতিৰ দাপোন। ইউৰোপৰ নবজাগৰণ , ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম , হিটলাৰৰ দ্বাৰা গণ হত্যাৰ সমুখীন হোৱা নিপীড়িত ইহুদী জাতিৰ উত্থানৰ ইতিহাস , নিজৰ গৃহ ভুমিত উদ্বাস্তু জীৱন কটাবলৈ বাধ্য হোৱা পেলেষ্টাইনী সকলৰ সংগ্ৰামী ইতিহাস , ইছলাম ধৰ্মৰ বিকৃতিকৰণেৰে আফগানিস্তানত ধৰ্মৰ নামত দেশ চলোৱা তালিবানৰ উত্থান-পতন কাহিনী ইত্যাদি সকলোবোৰ বিষয় বস্তুই চুই গৈছে স্থানীয় সাহিত্যৰ সাহিত্য চৰ্চাকাৰী সকলক। ব্যতিক্ৰমী পৰিবেশত ব্যতিক্ৰমী বিষয় বস্তুৰ উপস্থাপনেৰে এচাম সাহিত্য চৰ্চাকাৰীয়ে বিশ্বত অনন্য নজিৰ ৰাখি থৈ গৈছে। উদাহৰণ স্বৰূপে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত সফলতাৰ অনন্য ৰূপদাতা মহামানব মহাত্মা গান্ধীৰ ‘মোৰ সত্য অন্বেষণৰ কাহিনী’ , স্বাধীন ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ ‘দেউতাকৰ পৰা জীয়েকলৈ চিঠি’ ৰ বিষয়ে উপস্থাপন কৰিব পাৰি। সৰু কলেবৰৰ এই দুয়োখন গ্ৰন্থই মই ব্যক্তিগত ভাবে অধ্যয়ন কৰাৰ সৌভাগ্য হৈছে। মহা মানব মহাত্মা গান্ধীয়ে নিজৰ আত্মজীৱনী খনত নিজৰ জীৱনৰ প্ৰতিটো দিশ অতি অকপটে প্ৰকাশ কৰিছে। নিজৰ জীৱনৰ কেৱল প্ৰকাশ যোগ্য বিষয়বোৰকেই এই গ্ৰন্থ খনিত স্থান দিয়া নাই , তেখেতৰ জীৱনৰ প্ৰকাশ নকৰিবলগা বিষয় বস্তুও ৰুচি সন্মত ভাষাৰে প্ৰকাশ কৰিছে। পণ্ডিত জৱাহৰলাল নেহৰুৱে স্বাধীনতা সংগ্ৰামত নেতৃত্ব প্ৰদান কৰাৰ অপৰাধত ইংৰাজে জেললৈ প্ৰেৰণ কৰিছিল। জেলৰ বন্ধ কুঠৰীৰ পৰা তেখেতৰ অতি মৰমৰ জীয়ৰী ইন্দিৰা প্ৰিয়দৰ্শিনীলৈ বহুত চিঠি লিখিছিল।যিবোৰ চিঠিক একত্ৰিকৰণ কৰি পিছলৈ ‘দেউতাকৰ পৰা জীয়েকলৈ চিঠি ‘ নামৰ গ্ৰন্থ খন সংকলিত ৰূপত প্ৰকাশ কৰা হৈছিল। ইমান জনপ্ৰিয় হোৱা গ্ৰন্থখনিত পিছে জেলৰ বন্ধ কুঠৰীত আবদ্ধ হৈ থকা দেউতাক এগৰাকীয়ে বন্দী জীৱনৰ বিষয়ে লিখা নাছিল। উক্ত গ্ৰন্থখনিত সাগৰৰ তলিৰ প্ৰবালৰ দ্বীপৰ পৰা ভাৰতবৰ্ষৰ স্থাপত্য ভাষ্কৰ্য্যৰ লগতে বিশ্বৰ বিভিন্ন সমকালিন দিশৰ উপৰিও ইজিপ্তৰ ফাৰাউৰ যুগৰ পিৰামিড বিষয়েও বৰ্ননা কৰা হৈছিল। সেয়ে জেলৰ বন্ধ কুঠৰীৰ পৰা জীয়েকলৈ লিখা চিঠিবোৰ সাৰ্বজনীন ভাবে প্ৰতিটো যুগৰ পাঠকৰ জ্ঞানৰ চাহিদা পুৰণ কৰিবলৈ সমৰ্থবান হৈ আছে। এখন গ্ৰন্থই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ হ’লে যুগ সাপেক্ষ দৃষ্টিভংগীৰ বিষয় বস্তুৰ সমাহাৰ হ’ব লাগিব। বিশ্বত জনপ্ৰিয়তা অৰ্জন কৰা গ্ৰন্থবোৰৰ ভিতৰত প্ৰধান বৈশিষ্ট্যটোৱেই হৈছে যুগ সাপেক্ষে মানুহৰ মনৰ খোৰাক যোগান ধৰিবলৈ সনৰ্থবাণ হোৱা। সাম্প্ৰতিক সময়ত গ্ৰন্থৰ সুবাস গ্ৰহণ কৰিবলৈ এটি সুন্দৰ পৰিবেশ অসমত সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ প্ৰমাণ হিচাপে অসমত বিভিন্ন সংস্থাৰ দ্বাৰা সন্মিলিত ভাবে বিভিন্ন স্থানত অনুষ্ঠিত হৈ অহা গ্ৰন্থমেলাবোৰকেই দাঙি ধৰিব পাৰি। গ্ৰন্থমেলাৰ জৰিয়তে অসমৰ সাধাৰন জনতাক গ্ৰন্থৰ পাঠক সমাজলৈ বিবৰ্তন ঘটোৱাৰ ক্ষেত্ৰত প্ৰতি বছৰে পূৰ্বে জৰ্জ খেলপথাৰত আৰু বৰ্তমান গুৱাহাটীৰ চান্দমাৰীস্থ অসম অভিযান্ত্ৰীক প্ৰতিষ্ঠানৰ খেলপথাৰত অসম চৰকাৰৰ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ উদ্যোগত অনুষ্ঠিত উত্তৰ পুৰ্ব গ্ৰন্থমেলা খনিৰ অবদান যুগে যুগে স্বীকাৰ্য হৈ থাকিব। গ্ৰন্থমেলাক গ্ৰন্থ অধ্যয়ন আন্দোলনৰ মূল চালিকা শক্তি বুলি ধৰি লোৱা কাৰণেই অসমৰ সকলো গ্ৰন্থমেলাতেই নতুন গ্ৰন্থ প্ৰকাশৰ উথপ্ থপ্ পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে কবি সন্মিলন , সুসাহিত্যিকৰ লগত আলাপ অনুষ্ঠান , বিশিষ্ট সাহিত্যিক সকলক সম্বৰ্ধনা জনোৱা অনুষ্ঠানবোৰো সমানে সমানে ৰূপায়িত কৰা হয়।এইবোৰ অনুষ্ঠানে সমাজৰ গ্ৰন্থৰ প্ৰতি থকা দায়বদ্ধতাৰ বাৰুকৈয়ে সুচাইছে। অৱশ্যে এই গ্ৰন্থমেলাবোৰত সৃষ্টি হোৱা গ্ৰন্থবোৰৰ উপযুক্ততাক লৈয়ো পাঠক সমাজৰ মাজত প্ৰশ্নৰ উপস্থাপন নোহোৱা নহয়। সুসাহিত্যিক সকলৰ মাজত সাহিত্যিক হৈ নিজকে প্ৰচাৰ কৰিব বিচৰা অসাহিত্যিক বৈশিষ্ট্যৰ লোকৰো অভাব নোহোৱা নহয়। সুসাহিত্যিক হ’বলৈ যিদৰে উচ্চ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই ঠিক তেনেদৰে উচ্চ অৰ্হতা সম্পন্ন অসাহিত্যিকে বল পূৰ্বক ভাবে প্ৰসব কৰোৱা গ্ৰন্থই অসমৰ পাঠক সমাজক বাৰুকৈয়ে আমনি নকৰাও নহয়। নাইট চুপাৰৰ ড্ৰাইভাৰ হৈয়ো এগৰাকী সুসাহিত্যিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হোৱা শ্ৰদ্ধাৰ ৰূপম দত্তৰ ” লাইফ অব্ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে ‘ নামৰ উপন্যাস খনে আঠ মাহত দশম প্ৰকাশ হোৱাৰ বিপৰীতে দহটা মাহত দহটা কপি বিক্ৰী নোহোৱা গ্ৰন্থও নিশ্চয় ওলাব। গ্ৰন্থৰ ক্ষেত্ৰত ইতিবাচক তথা নেতিবাচক যি দিশৰেই অবতাৰনা নকৰক কিয় কিছুমান গ্ৰন্থৰ লেখকে ৰাজৰোষত পৰি দেশান্তৰ নাইবা ডিঙিত ফাঁচী কাঠটো ওলমিবলগা হৈছে।ইয়াৰ পৰাই অনুমান কৰিব পাৰি গ্ৰন্থৰ ক্ষমতা কিমান?

মোবাইল নং-৮৬৩৮৩১২৭০৭