গ্রন্থমেলাৰ বাকৰিত জনসংযােগ বিভাগৰ প্রদর্শনী কক্ষত প্রমােদ কুমাৰ দত্তৰ  তিনিখন কাব্য সংকলন উন্মােচন

p.c- twitter

গ্রন্থমেলাৰ বাকৰিত জনসংযােগ বিভাগৰ প্রদর্শনী কক্ষত প্রমােদ কুমাৰ দত্তৰ  তিনিখন কাব্য সংকলন উন্মােচন

দিছপুৰ, ৬জানুৱাৰী- হৃদয় ফুলৰ সুৰভি’ৰ কবি প্রমােদ কুমাৰ দত্তৰ অসম গ্রন্থমেলাৰ বাকৰিত জনসংযােগ বিভাগৰ প্রদর্শনী কক্ষত ৫ জানুৱাৰীৰ বিয়লি তিনিখন কাব্য সংকলন উন্মােচন কৰা হয়। বিশিষ্ট প্রবীন কবি আনিছউজ জামানে “বন বিনন্দীয়া আই” বিশিষ্ট কবি সমালােচক উদয় কুমাৰ শৰ্মাই “বন কুকুৰাৰ ডাকআৰু বিশিষ্ট লেখক, সমালােচক ৰিপুঞ্জয় গগৈয়ে “দুখৰ ৰাতিৰ মালিতা” আনুষ্ঠানিকভাৱে উন্মােচন কৰে। বিনন্দীয়া আইৰ উন্মােচনী ভাষণত আনিছউজ জামানে কবি প্রমােদ কুমাৰ দত্তৰ বিষয়বস্তুৰ অভিনৱত্ব, ব্যঞ্জনা আৰু লােক জীৱনৰ হৃদয়স্পর্শী চিত্রকল্প ব্যৱহাৰ অসমীয়া কাব্য সাহিত্যলৈ এক উল্লেখযােগ্য অৰিহণা বুলি ভাষণত দোহাৰে। তদুপৰি জনজীৱঘাত-সংঘাত, মানুহ আৰু মাটিৰ প্ৰতি থকা সামাজিক দায়বদ্ধতা প্রমােদ কুমাৰ দত্তৰ কবিতাৰ আন এক উল্লেখনীয় দিশ বুলি উল্লেখ কৰে।“দুখৰ ৰাতিৰ মালিতা” কাব্য গ্রন্থৰ উন্মােচনী ভাষণত ৰিপুঞ্জয় গগৈয়ে কবিগৰাকীৰ সমাজ সচেতন দৃষ্টিভঙ্গী আৰু লােকজীৱনৰ সতে থকা গভীৰ সম্পৰ্কৰ কথা আলােকপাত কৰি কয় যে দত্তৰ কবিতাৰ এক নির্দিষ্ট শৈলী আছেসহজ সৰল ভাষাৰে গীতিময় ছন্দেৰে সুন্দৰকৈ কিছুমান বিষয়বস্তু খুউব সংবেদনশীলভাৱে উপস্থাপন কৰাত সফল বুলি ক’ব পাৰি। বিশেষকৈ ঢােলৰ ওজাসকলৰ জীৱৰ ঘাত-সংঘাত, হাঁহি-কান্দো, দুখ-বেদনাক। কবিতাৰ বিষয়বস্তু হিচাপে লৈ কাব্যগ্রন্থ প্রকাশ কৰাতাে অসমীয়া সাহিত্যত উল্লেখনীয় পদক্ষেপলােক মর্ম আৰু লােকজীৱনৰ ওপৰত গভীৰ আস্থাৰে “দুখৰ ৰাতিৰ মালিতাৰ প্ৰতিটো কবিতাতে শ্রীদত্তই হৃদয়স্পর্শী চিত্রকল্প ব্যৱহাৰ কৰা প্রথমগৰাকী অসমীয়া সাহিত্যৰ কবি বুলি ক’ব পাৰি।। 

| আন এগৰাকী উন্মােচক বিশিষ্ট কবি তথা সমালােচক উদয় কুমাৰ শৰ্মাই “বন কুকুৰাৰৰ ডাক” কাব্য সংকলন উন্মােচন কৰি কয় যে প্রমােদ কুমাৰ দত্তৰ কবিতাৰ এটা নিজস্ব শৈলী আছেতদুপৰি শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰতাে কবিগৰাকী যথেষ্ট সজাগ আৰু সচেতন। কিছুমান পৰিস্থিতিৰ বিশেষ অনুভূতি দাঙি ধৰাত শ্ৰী দত্ত সফল হৈছে বুলিও ভাষণত উল্লেখ কৰে। 

তথ্য আৰু জনসংযােগৰ সঞ্চালক বিষুকমল বৰাৰ সভাপতিত্বত অনুষ্ঠিত উন্মােচনী সভাত প্রাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, প্রাক্তন সঞ্চালক ৰাজীৱ প্রকাশ বৰুৱা, চিত্রশিল্পী চম্পক বৰবৰা, শিল্পী দেবেন। দেৱান, বিশিষ্ট কবি বিপুল শর্মা, দেৱ প্রসাদ তালুকদাৰ, দিগন্ত কুমাৰ নাথ, ধ্ৰুৱজ্যোতি দাস প্রমুখ্যে ভালেসংখ্যক কবি আৰু শিল্পী উপস্থিত থাকে। সভাপতি বিষুকমল বৰাই সভাপতিৰ ভাষণত কবি প্রমােদ কুমাৰ দত্তৰ তিনিওখন কাব্যগ্রন্থৰে প্রচ্ছদ আৰু ছপা অতি মনােমােহা আৰু আকর্ষণীয় বুলি উল্লেখ কৰে। সঞ্চালক শ্রীবৰাই কবিগৰাকীৰ বিভিন্ন দিশ উল্লেখ কৰি কয় যে শ্রীদত্ত এগৰাকী ঢােলৰ ওজা, চিত্রশিল্পী আৰু সুন্দৰ অভিনেতাও। অনুষ্ঠানৰ আঁত ধৰে জনসংযােগৰ বিষয়া মেঘনা চৌধুৰীয়ে