গোসাঁইগাওঁত মাধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ ধৰ্ণা কাৰ্যসূচী

গোসাঁইগাওঁত মাধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ ধৰ্ণা কাৰ্যসূচী

গোসাঁইগাওঁ,ৰঙিলী বাৰ্ত্তাসেৱা- বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাধ্যাহ্ন ভোজনৰ ৰান্ধনী সকলৰ বিভিন্ন দাবীৰ সমৰ্থনত আজি গোসাঁইগাঁও প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত ৰান্ধনী সকলে তিব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ সদৌ অসম মাধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ গোসাঁইগাওঁ ব্লক সমিতিৰ উদ্যোগত আয়োজিত ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহন কৰা ৰান্ধনী সকলে আমাৰ দাবী ন্যাৰ্য্য দাবী,মাননিৰ সলনি মজুৰি দিয়ক,কাম হেৰুৱা আৰু অৱসৰ গ্ৰহন কৰা ৰান্ধনী সকলক এক কালিন তিনি লাখ টকা প্ৰদান কৰক,বিজেপি চৰকাৰ গো বেক,আমাৰ দাবী মানি লওক আদি শ্লোগান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ কাৰ্যসূচীত অংশগ্ৰহন কৰা গোসাঁইগাওঁ ব্লক সমিতিৰ সভানেত্ৰী ভাৰতী ৰায়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে দহ হাজাৰ টকা মাহেকীয়া কৰক, ৰান্ধনী সকলে যদি ৰন্ধাত আঘাত প্ৰাপ্ত হয় তেন্তে চৰকাৰৰ ফালৰ পৰা চিকিৎসাৰ বাবে অলপ টকা নিৰ্ধাৰিত কৰক, যিবোৰ ৰান্ধনী ইতিমধ্যে অৱসৰ হৈছে তেওঁলোকক তিনি লাখকৈ টকা প্ৰদান কৰক, ৰান্ধনী সকলে অৱসৰ হোৱাৰ সময়ত তিনি লাখ টকাকৈ দিয়াৰ নিৰ্ধাৰিত কৰক বুলি মন্তব্য কৰে। সভানেত্ৰী গৰাকীয়ে উল্লেখ কৰে ২০০৫ চনৰ পৰা ৰান্ধনী সকলে কাম কৰি আহি আছে এই ৰন্ধা কামত বহুতো অসুবিধা হোৱাৰ ফলত ৰান্ধনী সকলে কাম কৰি আছে কিন্তু চৰকাৰে পূৰ্বে কেৱল মাত্ৰ এক হাজাৰকৈ টকা দিছিল, ইয়াৰ উপৰিও যেতিয়া একেৰাহে কেইবাৰো ধৰ্ণা কাৰ্য্যসূচী কৰা হয় ফলত চৰকাৰে পাঁচশ টকাকৈ বঢ়াই দিছিল কিন্তু এই পাঁচশ টকা খিনিও বহুদিন মূৰে মূৰে দিছিল। পোন্ধৰ শ টকা এজন ৰান্ধনীৰ দৰমহা তথাপিও কিছুমানে মাহে মাহে দৰমহা পোৱা নাই বুলিও কয়।আজি আমি দুখীয়া হোৱাৰ বাবে অতি কষ্টৰে ৰান্ধনীৰ কাম কৰি আছো ৷ কিন্তু চৰকাৰে ৰান্ধনী সকলৰ বেদনা বুজিব পৰা নাই ৷ চৰকাৰে যদি ৰান্ধনী সকলৰ প্ৰাপ্য আদায় নিদিয়ে বা দাবী মানি নলয় তেন্তে আগন্তুক নিৰ্বাচনত ৰান্ধনী সকলে ইয়াৰ প্ৰত্যুত্তৰ দিম লগতে চৰকাৰক জংগী আন্দোলনৰ হুংকাৰ দিয়ে ৷