গোলাঘাটত ১০০ জন নবীন, প্ৰবীণ কবি, সাহিত্যিকক বিপুল ভাবে সম্বৰ্ধনা

গোলাঘাটত ১০০ জন নবীন, প্ৰবীণ কবি, সাহিত্যিকক বিপুল ভাবে সম্বৰ্ধনা

ৰূপাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত গোলাঘাট জিলাৰ সাহিত্য সভাৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি এক ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে অজন্তা কলা মণ্ডলৰ অস্থায়ী বাকৰিত জিলা খনৰ ১০০ জন নবীন, প্ৰবীণ কবি, সাহিত্যিকক বিপুল ভাবে সম্বৰ্ধনা জনায় গোলাঘাট সাহিত্য সভাই । সভা খনৰ উদ্বোধনি সাৰুৱা ভাষণেৰে সকলোকে মন্ত্ৰ মুগ্ধ কৰে বিশিষ্ট লেখক ডাঃ অজিত বৰুৱাই। এনে এটা গাম্ভীয্য পূর্ণ অনুষ্ঠান ৰ বাবে উদ্যোগতা সকলক ৰাইজে ধন্যবাদ জনাইছে।