গৃহকর্মীৰ সামাজিক সুৰক্ষা আইন প্ৰণয়নৰ দাবীত প্ৰতিবাদ

 গৃহকর্মীৰ সামাজিক সুৰক্ষা আইন প্ৰণয়নৰ দাবীত প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-   গৃহকৰ্মী অধিকাৰ সুৰক্ষা সমিতিয়ে আজি গৃহকৰ্মীসকলৰ সামাজিক সুৰক্ষা আইন প্ৰণয়নৰ দাবীত গুৱাহাটী ৰ’টাৰী ক্লাবত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷কাৰ্যসূচীত গৃহকৰ্মীসকলৰ ন্যূনতম মজুৰি প্ৰতিঘন্টাত ৭৫ টকালৈ বৃদ্ধি কৰা,৬০ বছৰৰ ঊৰ্ধৰ গৃহকৰ্মীক প্ৰতিমাহে পেঞ্চনৰ ব্যৱস্হা কৰা,সন্তানৰ শিক্ষাবৃত্তি নিশ্চিত কৰা,চিকিৎসা সাহায্য প্ৰদান কৰা,গৰ্ভৱতী শ্ৰমিকক গৰ্ভকালীন ভাট্টা প্ৰদান কৰা, জীৱনকালীন, বিপদকালীন তথা মৃত্যুত বীমা প্ৰদান কৰা,সপ্তাহত এদিন মজুৰিসহ ছুটী নিশ্চিত কৰা,লকডাউনৰ ক্ষতিপূৰণ হিচাপে প্ৰতিগৰাকী গৃহকৰ্মীক ১লাখ টকা প্ৰদান কৰাৰ দাবী জনায়৷প্ৰতিবাদৰ জৰিয়তে সংগঠনটোৱে অসম চৰকাৰক শীঘ্ৰে গৃহকৰ্মীৰ সামাজিক সুৰক্ষা আইন প্ৰণয়ন কৰিবলৈ দাবী জনাই উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷সংগঠনটোৰ কামৰূপ মহানগৰ জিলা কমিটীৰ সভাপতি মইনা দাস,সম্পাদক সুমিত্ৰা পাঁচোৱান,ৰাজ্যিক আহ্বায়ক মেহজেবিন ৰহমান,পূজা নিৰালা,ভাস্কৰ কলিতাই কয়- যুগ যুগ ধৰি, অপর্যাপ্ত মজুৰি অভাৱ-অনাটনৰ মাজেৰে গৃহকর্মী তথা গৃহকৰ পৰিয়ালসমূহে এক শোষিত জীৱন কটাই আহিছে। কিন্তু অসম চৰকাৰক বাৰে বাৰে অৱগত কৰি থকা সত্বেও অসম চৰকাৰৰ সদিচ্ছা দেখিবলৈ পােৱা নাই৷ ইয়াৰ দ্বাৰা চৰকাৰখনৰ শ্ৰমিক বিৰোধী স্বৰূপ ওলাই পৰিছে।আনফালে, কৰ’নাৰ প্রকোপ আৰু লকডাউনে গৃহকর্মীসকলৰ জীৱন দূর্বিসহ কৰি তুলিছে। বহু শ্রমিকে কাম হেৰুৱাবলগীয়া হৈছে। বহু সংখ্যকে অতি নিম্ন মজুৰিত কাম কৰিবলৈ বাধ্য হৈছে। আর্থিক দুৰৱস্থাই গৃহকর্মীৰ সন্তানসকলক প্রাপ্য শিক্ষাৰ পৰা বঞ্চিত কৰিছে। কোনোবাই দুৰাৰোগ্য ৰোগত ককবকাইছে আৰু কিছুমানে চিকিৎসাৰ অবিহনে মৃত্যুবৰণ কৰিছে। কিন্তু চৰকাৰী পক্ষই কোনাে ক্ষতিপূৰণৰ ব্যৱস্থা নকৰিলে। বৰঞ্চ, এই বিষয়সমূহ আলােচনা বা চৰ্চাৰ বিষয় হৈয়ে নুঠিল সদন বা অন্যান্য ৰাজনৈতিক মহলতো৷