গুৱাহাটী প্ৰেছ ক্লাবত অখিল চন্দ্ৰ বৰুৱাৰ উপন্যাস “ৰ’দৰ ডঁৰিয়লি দেউতা” উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত অখিল চন্দ্ৰ বৰুৱাৰ উপন্যাস “ৰ’দৰ ডঁৰিয়লি দেউতা” উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ সৰ্বত্ৰে এতিয়া গ্ৰন্থৰ উৎসৱ। নতুন গ্ৰন্থৰ মেটমৰা বোজা লৈ পাঠকক ন -ন গ্ৰন্থৰ মনস্তাত্বিক সোঁৱাদ দি আহিছে গ্ৰন্থ প্ৰকাশক আৰু লেখক-লেখিকাসকলে। গ্ৰন্থ উৎসৱৰ সময়তে আজি গুৱাহাটী প্ৰেছ ক্লাবত তিনিচুকীয়াৰ মাকুমৰ লেখক- সাংবাদিক অখিল চন্দ্ৰ বৰুৱাৰ উপন্যাস ” ৰ’দৰ ডঁৰিয়লি দেউতা”আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। শিশুৰ অধিকাৰ আৰু শিশুৰ ওপৰত হোৱা অত্যাচাৰ আৰু উৎপীড়নৰ বিষয়ক লৈ ৰচিত এই উপন্যাসখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে খ্যাতিসম্পন্ন কবি-সাহিত্যিক ড° নন্দ সিং বৰকলাই। নিজৰ উন্মোচনী ভাষণত ড° বৰকলাই দীৰ্ঘদিন ধৰি শিশু কল্যাণৰ হকে কাম কৰি অহা লেখক অখিল চন্দ্ৰ বৰুৱাৰ জীৱনবোধ মানৱতা, সামাজিক দায়বদ্ধতা আৰু অনাথ শিশুৰ গঢ়ি উঠা পিতৃস্নেহৰ লগতে দায়বদ্ধতাৰ বিষয়ে বক্তব্য আগবঢ়াই সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। ইপিনে অনাতাঁৰ শিল্পী মানসী বৰুৱাৰ বৰগীতেৰে শুভাৰম্ভ হোৱা উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি “ৰ’দৰ ডঁৰিয়লি দেউতা”ৰ বিষয়বস্তু তথা কাহিনী সন্দৰ্ভত মননশীল মন্তব্য আগবঢ়ায় সাহিত্য অকাডেমীৰ অনুবাদ বঁটা বিজয়ী লেখক বিপুল দেউৰীয়ে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ঔপন্যাসিক ডা° ৰুবী কটকীয়ে গ্ৰন্থখনি অসমীয়া সাহিত্যৰ ভঁৰালত এক নৱতম সংযোজন বুলি অভিহিত কৰে।জ্যেষ্ঠ সাংবাদিক ’আমাৰ অসম’কাকতৰ সহকাৰী সম্পাদক মন্টু শইকীয়াই লেখক অখিল চন্দ্ৰ বৰুৱাৰ উপন্যাস “ৰ’দৰ ডঁৰিয়লি দেউতা”ৰ সন্দৰ্ভত নাতিদীৰ্ঘ মন্তব্য আগবঢ়ায়। ইপিনে লেখকৰ মনৰভাৱ প্ৰকাশ কৰি অখিল চন্দ্ৰ বৰুৱাই “ৰ’দৰ ডঁৰিয়লি দেউতা”ৰ মূল গাঁথাৰ ওপৰত মন্তব্য আগবঢ়ায়।উল্লেখযোগ্য কেইবাগৰাকীও সাহিত্য অনুৰাগীৰ উপস্থিতিৰে নিউজ পৰ্টেল ডেম’ক্ৰেটিক আছামে আয়োজন কৰা অনুষ্ঠানটিৰ আঁত ধৰে ছাজিদা আহমেদে। উক্ত গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে আগশাৰীৰ প্ৰকাশন গোষ্ঠী প্ৰজ্ঞা মিডিয়াহাইপে।