গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

“ঐতিহাসিকভাৱে ভাৰতৰ অন্য ঠাইৰ তুলনাত অসম স্বাস্থ্য শিক্ষাৰ তুলনাত আগবঢ়া : মন্ত্ৰী কেশব মহন্ত”

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই পতাকা উত্তোলন কৰে।

এই অনুষ্ঠানত অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি, পৰিবহণ আদি বিভাগৰ মন্ত্ৰী কেশব মহন্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে অসমৰ স্বাস্থ্য শিক্ষা আৰু স্বাস্থ্য সেৱাৰ ওপৰত এক বিস্তৃত আলোচনা আগবঢ়ায়। অসমত স্বাস্থ্য শিক্ষাৰ আৰম্ভণিৰ ক্ষেত্ৰত ডাঃ জন বেৰী হোৱাইটৰ প্ৰসংগ টানি আনি মন্ত্ৰীগৰাকীয়ে তেখেতৰ মহানুভৱতাক সোঁৱৰণ কৰে। ইয়াৰোপৰি সাম্প্ৰতিক সময়ত অসমৰ স্বাস্থ্যসেৱাৰ বাবে বিভিন্ন জিলাত চৰকাৰে স্থাপন কৰা চিকিৎসা মহাবিদ্যালয়সমূহৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসা ব্যৱস্থাৰ লগত ৰাজ্যখনক আগবঢ়াই নিবলৈ মন্ত্ৰীগৰাকীয়ে ”ফিউছাৰ পাব্লিক হেল্থ্ পলিচি”ৰ দৰে প্ৰচেষ্টাৰ পোষকতা কৰে। শেষত, আজিৰ দিনটোত আমাৰ দেশৰ স্বাধীনতাৰ বাবে ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ যি সকল বীৰ স্বহীদে প্ৰাণ আহুতি দিলে তেওঁলোকক মন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে।

অনুষ্ঠান প্ৰসংগত ভাষণ প্ৰদান কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই যি সকল অধ্যক্ষ আৰু অধ্যাপকৰ বাবে মহাবিদ্যালয়খনে আজিৰ এই ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পৰ্যায়ত উপনীত হৈছে তেওঁ লোকক শ্ৰদ্ধাৰে স্মৰণ কৰে। ইয়াৰ পাছত তেওঁ বিভিন্ন দিশত প্ৰতিষ্ঠানখনৰ লগতে শিক্ষাৰ্থীসকলৰ সাফল্যৰ এক খতিয়ান দাঙি ধৰাৰ লগতে অনাগত দিনত মহাবিদ্যালয়খনে চিকিৎসা শিক্ষা আৰু সেৱাৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে।

উক্ত দিনটোক এক শুভ দিন বুলি আখ্যা দি অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙে মত প্ৰকাশ কৰে যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কেৱল অসমৰে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ এক প্ৰতিষ্ঠান। আয়ুৰ্বেদিক কলেজৰ প্ৰাঙ্গনৰ পৰা বৰ্তমানৰ পৰ্যায়লৈ এই প্ৰতিষ্ঠানখনে এক দীঘলীয়া সময় অতিক্ৰম কৰিছে। চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত গৱেষণাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি জ্যেষ্ঠ বিষয়া গৰাকীয়ে কয় যে শিক্ষাৰ্থী আৰু শিক্ষক উভয়ে গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে।

উক্ত অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য সমুদ্ৰ গুপ্ত কাশ্যপে কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন গোটেই অঞ্চলৰ ভিতৰতে বৃহৎ আৰু সক্ষম চিকিৎসা সেৱা প্ৰদান কৰা প্ৰতিষ্ঠান। অসমৰ ঐতিহ্যৰ ক্ষেত্ৰত নৰকাসুৰৰ প্ৰসংগ টানি আনি তেখেতে কয় যে গুৱাহাটী হৈছে একেৰাহে সুদীৰ্ঘকাল বসতি থকা দ্বিতীয় বৃহত্তম চহৰ আৰু সেই গুৱাহাটীতেই স্থাপিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন এখন সোণৰ খনি। ইয়াৰ লগতে আচাৰ্যগৰকীয়ে ভাষণ প্ৰসংগত উন্নয়নমূলক গণসংযোগ আৰু স্বাস্থ্যসেৱাৰ ওপৰতো এক বিষদ আলোচনা আগবঢ়ায়। 

অনুষ্ঠানৰ অন্যতম বিশিষ্ট অতিথি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাই তেখেতৰ ভাষণ প্ৰসংগত কয় যে যোৱা এটা দশকত এই চিকিৎসা মহাবিদ্যালয় খনৰ বহুত বিকাশ হৈছে, নতুন নতুন হাস্পতাল সংযোজিত হৈছে আৰু অত্যাধুনিক চিকিৎসাৰ বহুটো বিষয় ইয়াৰ লগত বিকশিত হৈছে। মহাবিদ্যালয়খন বিভিন্ন দিশত সংখ্যাগতভাৱে আগবঢ়াৰ কথা শলাগ লৈ তেখেতে বৰ্তমান গুণগত দিশৰ বিকাশৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ পোষকতা কৰে। উপাচাৰ্যগৰাকীয়ে চিকিৎসা শিক্ষাৰ বিকাশৰ বাবে গৱেষণাৰ ক্ষেত্ৰখনত সঠিকভাৱে আগুৱাই যোৱাৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে।

উক্ত এই কাৰ্যসূচীত অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য সমুদ্ৰ গুপ্ত কাশ্যপ, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্য, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ষ্টাফ সভাপতি ডাঃ পি.পি. দাস, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি পলাশ ভৰালীৰ লগতে আন বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।