গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ সামৰণিত প্ৰতিযোগিতামূলক শিতানত ২০ খন চুটি ছবি প্ৰদৰ্শন

pc Wikipedia

গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ সামৰণিত প্ৰতিযোগিতামূলক শিতানত ২০ খন চুটি ছবি প্ৰদৰ্শন

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী চিনে ক্লাবে ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি পৰে৷পুৱাৰ ভাগত অপ্ৰতিযোগিতামূলক চুটি ছবিৰ শিতানত ৭খন বিভিন্ন দেশৰ আকৰ্ষণীয় চুটি ছবি প্ৰদৰ্শন কৰা হয়৷দৰ্শকৰ বিপুল সহাৰিৰ মাজত দিনৰ ভাগত প্ৰতিযোগিতামূলক শিতানত ২০খন চুটি ছবি প্ৰদৰ্শন কৰা হয়৷উল্লেখ্য,এই ছবিসমূহৰ মাজৰ পৰাই বিশেষ জুৰি মন্দলীয়ে এই কেইখন ছবিক পুস্কাৰৰ বাবে বাছনি কৰিছে৷প্ৰথম চুটি ছবি ’ৰেড’,পৰিচালক পুলক কুমাৰ দাস,দ্বিতীয় চুটি ছবি ’ইৰল নাম ডাগি’,পৰিচালক ৰাকেশ মাইৰাংথেম৷তৃতীয় চুটি ছবি ’ষ্ট্ৰাইভ’,পৰিচালক গণেশ বড়ো৷বিচাৰকৰ বিশেষ বঁটা ’স্কোপল’ জিছাচ খাৰ কেটাৰী৷সন্ধিয়াৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্হিত থাকে প্ৰশাসনীয় সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগৰ সঞ্চালক মনীতা বৰগোহাঁই৷অনুষ্ঠানত সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক দেৱজিৎ খনিকৰ,জুৰি মেম্বাৰ মনোজ বৰপূজাৰী উপস্হিত থাকে৷ক্লাবৰ আজীৱন সভ্য,বৰ্তমানৰ উপ সভাপতি মৃগেন্দ্ৰ চন্দ্ৰ দাসক সম্বৰ্ধনা জনোৱা হয়৷চুটি ছবি প্ৰতিযোগিতাত বঁটা বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়৷শলাগৰ শৰাই আগবঢ়াই ক্লাবৰ সম্পাদক মাধুৰিমা বৰুৱাই৷অনুষ্ঠানৰ শেষত ইৰাণৰ চলচ্চিত্ৰ ’বন্দৰ বেন্দ’ প্ৰদৰ্শন কৰা হয়৷