গুৱাহাটী কবৰস্থান কমিটী আঠগাঁৱ আৰু জিলা প্ৰশাসনৰ উদ্যোগত কোভিড ভেকচিন অভিযান

pc-WebMD

গুৱাহাটী কবৰস্থান কমিটী আঠগাঁৱ আৰু জিলা প্ৰশাসনৰ উদ্যোগত কোভিড ভেকচিন অভিযান

অনলাইন বাৰ্ত্তাসেৱা- গুৱাহাটী কবৰস্থান কমিটী আঠগাঁৱৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত গুৱাহাটী কবৰস্থান কমিটীৰ কাৰ্যালয়ত মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লোকক ২৭৫ ডʼজ কোভিড ভেকচিন প্ৰদান কৰা হৈ আছে। ইয়াৰ পূৰ্বেও কমিটীয়ে এই কাৰ্য সুচাৰুৰূপে চলাইছে। কবৰস্থান কমিটী, আঠগাঁৱৰ সাধাৰণ সম্পাদক ইনাসূৰ ৰহমান, সম্পাদক মহম্মদ মূৰ্তাজা, কোষাধ্যক্ষ তাৰিকত আলী চৌধুৰী, কাৰ্যকৰী সভাপতি আছিকুদ্দিন চৌধুৰীৰ লগতে তাছিৰউদ্দিন আহমেদ আৰু ইউছুফ খান আদিয়ে এই কাৰ্যসূচীত অংশ লয়।

(R.T)