গুৱাহাটীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। পল্টনবজাৰ আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ হেৰ’ইন। আৰক্ষীৰ জালত তিনিটা ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীয়ে জব্দ কৰিছে ৯ পেকেট হেৰ’ইন।হাতীগাঁৱৰ সিজুবাৰীৰ পৰা জব্দ কৰিছে ধৃত সৰবৰাহকাৰীকেইটাক। ধৃত সৰবৰাহকাৰী কেইটা মণিভূষণ কুমাৰ, ৰত্নেশ কুমাৰ আৰু ফাৰুক আহমেদ। ৰে’লেৰে ড্ৰাগছখিনি আনি হাতীগাঁৱলৈ গৈ থকা অৱস্থাত গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে জব্দ কৰে।