গুৱাহাটীত খোৱাপানী যোগানৰ বাবে গ্ৰহণ কৰা হৈছে মুঠ ১১৭ খন আঁচনিঃ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস

pc Facebook

বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰবাসীয়ে বৰ্তমান সন্মূখিন হৈ থকা বিভিন্ন সমস্যাৰ মাজত খোৱাপানীৰ সমস্যাটোৱে বহুতো লোকৰ জনজীৱনত এক অন্যতম প্ৰত্যাহ্বান হিচাপে দেখা দি আহিছে। গুৱাহটী মহানগৰীৰ খোৱাপানী প্ৰকল্প সন্দৰ্ভত অসম বিধানসভাৰ প্ৰেশ্নাত্তৰ কালত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে কেইটামান প্ৰশ্নৰ উত্তৰৰ প্ৰসংগত কয় যে গুৱাহাটীৰ ৰনং সংমণ্ডলৰ অধীনত ৰৰ,৪৭৯ জন লোকৰ ঘৰত খোৱাপানী যোগান ধৰিছে আৰু গুৱাহাটী ২ নং সংমণ্ডলৰ অধীনত ৩,৮৮০ জন লোকৰ ঘৰত মুঠ ১৫,৩৫৯ জন লোকৰ ঘৰত ইতিমধ্যে খোৱাপানী যোগানৰ বাবে গুৱাহাটীত মুঠ ১১৭ খন আঁচনি গ্ৰহণ কৰা হৈছে। ইয়াৰে ৭৮ খন গুৱাহাটী ৰনং সংমণ্ডলৰ অধীনত আৰু ৩৯ খন গুৱাহাটী ২নং সংমণ্ডলৰ অধীনত। বৰ্তমানলৈ ১০৬ খন আঁচনিৰ কাম ইতিমধ্যে সমাপ্ত হৈছে আৰু ৰৰখন আঁচনিৰ কাম চলি আছে। আনহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী দাসে পুনৰ জানিবলৈ দি কয় যে পূৰ্বে নিৰ্ধাৰণ কৰা আঁচনিৰ বাজেট বৰ্তমান বৃদ্ধি কৰা নাই। তদুপৰি কোনো এটা কাৰিকৰী প্ৰতিষ্ঠানে নিৰ্ধাৰিত সময়ত কাম আৰম্ভ নকৰাৰ বাবে সেই কাম বাতিল কৰি অন্য ঠিকাদাৰৰ হাতত কামটো আবণ্টন কৰিবলৈ গুৱাহাটী ৰনং সংমণ্ডলে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

(UD & RT.)