গুৰদীপ সিঙে ৩৯০ কেজি উত্তোলন কৰি ব্ৰঞ্জৰ পদক লাভ

Pc Hindustan Times

গুৰদীপ সিঙে ৩৯০ কেজি উত্তোলন কৰি ব্ৰঞ্জৰ পদক লাভ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ ২৬ বছৰীয়া ভাৰোত্তোলক গুৰদীপ সিঙে মুঠ ৩৯০ কেজি উত্তোলন কৰি পুৰুষৰ ১০৯ কেজি ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। তেওঁ স্নেচ ইভেণ্টত ১৬৭ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্ক ইভেণ্টত ২২৩ কিলোগ্ৰাম উত্তোলন কৰিছিল। ভাৰতে এতিয়া কমনৱেলথ গেমছত ভাৰোত্তোলনত ১০ টা পদক লাভ কৰিছে, যাৰ ভিতৰত আছে চাৰিটা ব্ৰঞ্জ, তিনিটা ৰূপ আৰু তিনিটা সোণৰ পদক।