খিলঞ্জীয়া আৰু বিদেশীৰ ক্ষেত্ৰত মহাসংঘৰ যুক্তি সত্য প্রমাণিত কৰিলে গৱেষকে খিলঞ্জীয়াৰ ভিত্তি বছৰ ১৮২৬ আৰু বিদেশী – স্বদেশীৰ ভিত্তি বছৰ ১৯৫১

খিলঞ্জীয়া আৰু বিদেশীৰ ক্ষেত্ৰত মহাসংঘৰ যুক্তি সত্য প্রমাণিত কৰিলে গৱেষকে খিলঞ্জীয়াৰ ভিত্তি বছৰ ১৮২৬ আৰু বিদেশী – স্বদেশীৰ ভিত্তি বছৰ ১৯৫১ : প্রতিষ্ঠা কৰিলে গৱেষক ড° ৰাতুল শইকীয়াই মহাসংঘই দিয়া খিলঞ্জীয়া আৰু অসমীয়াৰ সংজ্ঞাটি শুদ্ধ আৰু বিজ্ঞানসম্মত বুলি প্ৰতিষ্ঠা হ’ল

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ জাতি সংঘ অসম সম্মিলিত মহাসংঘই বিশিষ্ট গৱেষক ড° ৰাতুল শইকীয়াক আজি গুৱাহাটী প্ৰেছ ক্লাবত ৰাজহুৱাভাৱে অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । শইকীয়াই তেওঁৰ ’সাংবিধানিক বিধি ব্যৱস্থাত অসমৰ জনগোষ্ঠী সমূহৰ সুৰক্ষাৰ ব্যৱস্থা – এক বিশ্লেষণাত্মক অধ্যয়ন’ শীর্ষক গৱেষণা পত্ৰৰ জড়িয়তে ৰাষ্ট্ৰসংঘৰ নীতিৰ আধাৰত খিলঞ্জীয়াৰ ভিত্তি বছৰ ১৮২৬ আৰু সংবিধানৰ আধাৰত স্বদেশী – বিদেশীৰ ভিত্তি বছৰ ১৯৫১ ন্যায়সঙ্গত আৰু সত্য বুলি তথ্য আৰু বিশ্লেষণ সহ প্রমাণিত কৰিলে । গুৱাহাটী বিশ্ববিদ্যালয়ে এই গৱেষণা পত্ৰৰ বাবে শ‍ইকীয়াক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে । গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ড° বিমল কুমাৰ বৈশ্যৰ তত্বাৱধানত প্ৰস্তুত কৰা এই গৱেষণা পত্ৰখনক পশ্চিম বংগৰ দুগৰাকী বিশেষজ্ঞ পৰীক্ষক ক্ৰমে – পশ্চিম বংগ ৰাষ্ট্ৰীয় বিধি বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° অৰূপ পোদ্দাৰ আৰু উত্তৰ বংগ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° গঙ্গোত্রী চক্ৰৱৰ্তীয়ে স্বীকৃতি প্ৰদান কৰাটোও এটা উল্লেখযোগ্য ঘটনা ৰূপে পৰিগণিত হৈ ৰ’ব | মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মহাসংঘই শ‍ইকীয়াক এখন অভিনন্দন আৰু কৃতজ্ঞতা পত্ৰ প্ৰদান কৰে । সভাত মুখ্য অতিথি হিচাপে সদৌ অসম খিলঞ্জীয়া ধর্মীয় সংখ্যালঘু পৰিষদৰ মুখ্য সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কিৰণ কুমাৰ গগৈ আৰু বিশিষ্ট অতিথি হিচাপে সদৌ অসম আহোম সভাৰ সভাপতি উমাকান্ত কোঁৱৰে শইকীয়াৰ এই মহৎ কামৰ বাবে আন্তৰিক শুভেচ্ছা জনাই তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে । অসমীয়া জাতিৰ সংকট কালত শইকীয়াৰ এই গৱেষণা পত্ৰই জাতিক মার্গ দর্শন কৰাৰ আৰু ভুল পথেৰে যোৱা সকলক শুদ্ধ পথ ল’বলৈ প্ৰেৰণা যোগাব বুলি আশা কৰে গগৈ আৰু কৌৱৰে । শ‍ইকীয়াই গৱেষণা পত্ৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত মতিউৰ ৰহমানে আগবঢ়োৱা তথ্য আৰু যুক্তিৰ কথা কৃতজ্ঞতাৰে সোঁৱৰণ কৰে । সভাৰ আঁত ধৰে মহাসংঘৰ মহা সচিব পূৰ্ণানন্দ ৰাভাই । এই গৱেষণা পত্ৰত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ তথা অসমীয়া জাতিৰ সংজ্ঞা দাঙি ধৰাৰ লগতে বিপদাপন্ন জনগোষ্ঠীসমূহক সাংবিধানিক বিধি ব্যৱস্থাৰ ভিতৰত কেনেদৰে সুৰক্ষিত কৰিব পাৰি তাৰ বাবেও পৰামৰ্শ দাঙি ধৰে । আন্তঃৰাষ্ট্ৰীয় নীতিৰ আধাৰত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ( ইয়াণ্ডাবু সন্ধি ) অসমত বসবাস কৰি থকা জনগোষ্ঠী সমূহৰ বৰ্তমানৰ বংশধৰ সকলকহে খিলঞ্জীয়া ৰূপে অভিহিত কৰিছে । লগ হ হহ তে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ পাছত আৰু ১৯৫১ চনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ আগতে অসমলৈ অহা জনগোষ্ঠী সমূহক অ – খিলঞ্জীয়া ভাৰতীয় নাগৰিক ৰূপে অভিহিত কৰিছে । এই গুৰুত্বপূৰ্ণ গৱেষণা পত্ৰখনৰ জড়িয়তে অসমৰ সকলো ৰাজনৈতিক দল আৰু জাতীয় সংগঠনবোৰে খিলঞ্জীয়া সকলৰ সুৰক্ষাৰ ক্ষেত্ৰত সঠিক দিশেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা লাভ কৰিব বুলি বিশ্বাস | অসমৰ জাতি সংঘ – অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে গভীৰভাৱে আশা কৰে যে এই গৱেষণা পত্ৰই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক শুদ্ধ পথেৰে আগবাঢ়ি যাবলৈ সাহস আৰু প্ৰেৰণা যোগাব । এই গৱেষণা পত্ৰ খনৰ বাবে ড° শইকীয়াক আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনোৱাৰ লগতে সু – স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে মহাসংঘই৷