খানাপাৰা পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰক ড্ৰোন উৰণ নিষিদ্ধ এলেকা ঘোষণা

খানাপাৰা পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰক ড্ৰোন উৰণ নিষিদ্ধ এলেকা ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজ্যিক পৰ্যায়ৰ স্বাধীনতা দিৱস উদযাপনৰ পৰিপেক্ষিতত খানাপাৰা পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ আৰু ইয়াৰ চৌদিশৰ এলেকাক দুদিনৰ বাবে  ১৪ আগষ্ট আৰু ১৫ আগষ্টত ড্ৰোন উৰণ নিষিদ্ধ এলেকা (No Drone Fly Zone) হিচাপে ঘোষণা কৰা হৈছে৷ এই সন্দৰ্ভত  কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে এক নিৰ্দেশ জাৰি কৰে৷