খাইৰুল হুছেইন চাৰৰ চিনাকী মুখখন আৰু অচিনাকী মুখবোৰ- ফখৰুদ্দিন আহমেদ

Pc-istockphoto

খাইৰুল হুছেইন চাৰৰ চিনাকী মুখখন আৰু অচিনাকী মুখবোৰ

ফখৰুদ্দিন আহমেদ

শুধ বগা পাঞ্জাবী আৰু পাইজামা পৰিহিত মানুহজনে ইতিমধ্যে সুখ্যাতিৰে , সফলতাৰে শিক্ষকতা বৃত্তিটোৰ পৰা অবসৰ গ্ৰহণ কৰিলে। ক্ষীণকায় দেহৰ এই মানুহ গৰাকীয়ে পাৰ কৰি অহা সময়বোৰৰ পৰা যিবোৰ শিকিলে তাৰ প্ৰদৰ্শিত অংশবোৰ তেখেতে গম নোপোৱাকৈ মোৰ দৰে বহুতৰে পৰম আদৰ্শনীয়। মানুহজন চিনাকী অনুজ সকলৰ বাবে পৰম শ্ৰদ্ধেয় আৰু অগ্ৰজ সকলৰ বাবে মৰমৰ , আদৰৰ আৰু চেনেহৰ। তেখেতৰ এটি বিশেষ ক্ষমতা আছে তেখেতে প্ৰথম চিনাকীতে সকলোকে আপোন কৰি ল’ব পাৰে । ধৰ্মীয় সকলো কাম যেনে পাছ ৱক্ত নমাজকে ধৰি নিত্য কৰণীয় সকলো কাম পৰম আন্তৰিকতাৰে কৰি যায়।
ইং ১৯৮২ চনত ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সানোৱা অঞ্চলত প্ৰতিষ্ঠিত সানোৱা মধ্য ইংৰাজী মাদ্ৰাছা(বৰ্তমান সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়) ত নামভৰ্তি কৰাৰ দিনাৰ পৰা সাম্প্ৰতিক সময়লৈ মোৰ হৃদয়ত তেখেতৰ স্থান ক্ৰমাগত ভাবে উৰ্ধমূখী হৈ গৈ হে আছে। নিম্নমুখী হোৱাৰ বিষয়টো চিন্তা তথা মানসিকতাৰ বাহিৰৰহে । এই মানুহগৰাকীৰ নামটো হৈছে খাইৰুল হুছেইন।মোৰ মনত শ্ৰদ্ধাৰ খাইৰুল হুছেইন চাৰ নতুবা শ্ৰদ্ধাৰ হিন্দী চাৰ। মানে তেখেতে আমাক শ্ৰেণীত হিন্দী পঢ়াইছিল সেই কাৰণে।
মনোগ্ৰাহী শিক্ষণ শৈলীৰ লগতে তেখেতে অসমীয়া সাহিত্য চৰ্চাত বিশেষ ভাবে ছাত্ৰ ছাত্ৰী সকলক উদগণি জনাইছিল। তেখেতৰো কিছু লেখনি বাতৰি কাকতত প্ৰকাশ পাইছিল আৰু সেইবোৰ আমাক মানে ছাত্ৰ ছাত্ৰী সকলক দেখুৱাই অনুপ্ৰাণিত কৰিছিল। ক’বলৈ গ’লে শ্ৰদ্ধাৰ খাইৰুল হুছেইন চাৰৰ প্ৰত্যক্ষ আৰু পৰোক্ষ তাগিদাতেই এটা সময়ত অসমীয়া সাহিত্যৰ চৰ্চাৰ বাবে হাতত কলম তুলি লৈছিলো। তেখেতৰ সেই চিনাকী মুখখনত প্ৰকটিত হোৱা মৰম সনা আদেশবোৰ কিমান দূৰ পালন কৰিব পাৰিছিলো তাৰ পূৰ্ণাংগ খতিয়ান দাঙি ধৰিব নোৱাৰিম যদিও অসমীয়া সাহিত্যৰ পথাৰত যিখিনি আজি কৰিব পাৰিছো তাৰ এশ শতাংশ কৃতিত্বৰ দাবীদাৰ শ্ৰদ্ধাৰ খাইৰুল হুছেইন চাৰৰ হে। মোৰ নাই। সময়ৰ সোঁতত শ্ৰদ্ধাৰ হিন্দী চাৰে সম্প্ৰীতিৰ সেতু , নবী কাহিনী , ৰক্তাক্ত পেলেষ্টাইন আদি মহা মূল্যবান মৌলিক গ্ৰন্থ আৰু বহুতো সম্পাদিত গ্ৰন্থৰ লগতে বিভিন্ন বাতৰি কাকতত শতাধিক প্ৰবন্ধ লিখি অসমীয়া সাহিত্যৰ ভৰাল টনকিয়াল কৰিছে। বয়সৰ জোখত মানুহৰ দেহলৈ আহিব লগা বহু কেইটি বেমাৰ তেখেতৰো দেহলৈ আহিছে যদিও তেখেতক কিন্তু নিতৌ দেখা যায় অসমীয়া সাহিত্যৰ কামত ব্যস্ত হৈ থকাৰ মুহূৰ্ততহে।
এই গৰাকী মোৰ পৰম শ্ৰদ্ধাৰ খাইৰুল হুছেইন চাৰৰ অনুপ্ৰেৰণা আৰু তাগিদাত এদিন মই হাতত কলম তুলি লৈছিলো আৰু আজি চাৰে বিচৰা ধৰণেই অসমীয়া সাহিত্যৰ চৰ্চাত ব্যস্ত হৈ আছো। মাতৃভুমি অসমৰ পৰা প্ৰকাশিত কেবাখনো দৈনিক আৰু সাপ্তাহিক লগতে মাহেকীয়া আলোচনীটো মোৰ লেখা নিয়মিত ভাবে প্ৰকাশ পাই আহিছে। সফল হৈছো নে নাই সেয়া পাঠক সমাজৰ তুলাচনীতহে অনুমেয় হ’ব। তাৰ পিছতো মনলৈ শ্ৰদ্ধাৰ চাৰৰ কথা মনলৈ চিৰাচৰিত ভাবেই আহে যেতিয়া বিভিন্ন কাকতত লেখনি প্ৰকাশ হ’লে যেতিয়া দুই এজন পাঠকে শুভেচ্ছা জনাই ফোনত কথা পাতে আৰু কেতিয়াবা দুই এজন পাঠকে ভুলবোৰ সৌজন্যতাৰে আঙুলিয়াই দিয়ে। এনেদৰেই অসমৰ প্ৰায়বোৰ জিলাতেই বহুতো মানুহ মোৰ চিনাকী হৈছে। কিন্তু তেখেত সকলৰ মুখবোৰ অচিনাকী। কাৰণ আমি মুখামুখী হ’বলৈ সুবিধা পোৱা নাই। তথাপি তেখেত সকলৰ কথা বতৰাত প্ৰকাশ পোৱা আন্তৰিকতাবোৰ মোৰ বাবে সম্প্ৰতি লিখাৰ বাবে অনুপ্ৰেৰণা আৰু জীয়াই থকাৰ সম্বল হৈ পৰিছে। অচিনাকী মুখবোৰো সম্পৰ্কৰ যে এটি অনাবিল শক্তিৰ ভাণ্ডাৰ সেই কথা মই হৃদয়ৰ পৰা মৰ্মে মৰ্মে উপলব্ধি কৰি আহিছো।
মানুহৰ জীবন বৰ অনুপম । এই কথা মোৰ জীবনত বুজিবলৈ সুবিধা দিয়া মানুহজনেই হৈছে শ্ৰদ্ধাৰ খাইৰুল হুছেইন চাৰ। হাতৰ কলমটিৰে নিজৰ লগতে আন বহুতৰে জীবনৰ ছবি সাহিত্যৰ জৰিয়তে অংকণ কৰি সন্তুষ্টি লাভ কৰা শ্ৰদ্ধাৰ চাৰৰ চিনাকী মুখখনৰ আবেদনময়ীতাই আন বহুতো অচিনাকী মুখৰ লগত সেতু বন্ধনৰ বাবে যিটো কলম তুলি মোৰ হাতত দিছিল সাম্প্ৰতিক সময়ত সেয়া মোৰ বাবে পৃথিবীৰ আটাইতকৈ মূল্যবান সম্পদ হিচাপে বিবেচিত হৈছে। কাৰণ তেখেতে মানুহৰ হৃদয়ৰ পৰা হৃদয়ৰ লগত সফল ভাবে সংযোগ কৰিব পৰা অস্ত্ৰপাতএটি কলমৰ ৰূপত তুলি দিছিল। মানুহৰ হৃদয়ৰ লগত সফল ভাবে সংযোগ ঘটাব পৰাটোতহে প্ৰকৃততে মানুহৰ জীবনৰ সফলতা অন্তৰ্নিহিত হৈ থাকে।