ক’ৰোনাৰ সহবাসত থলুৱা খাদ্যৰ ৰসায়ন- বন্দিতা শৰ্মা কন্দলি ,দেৰগাঁও, গোলাঘাট

pc-indianauniversity

ক’ৰোনাৰ সহবাসত থলুৱা খাদ্যৰ ৰসায়ন

বিজ্ঞান প্ৰযুক্তিৰ অগ্ৰগতিয়ে মানৱ জাতিৰ জীৱন যাত্ৰাত অভূতপূৰ্ব প্ৰভাৱ পেলাইছে ।মানুহৰ জীৱন যাত্ৰা আধুনিক ৰ পৰা অত্যাধুনিকলৈ গতি কৰি আছে ।লগে লগে প্ৰকৃতিৰ ওপৰত শোষণ, অৱহেলা আৰু অত্যাচাৰ বাঢ়ি যাবলৈ ধৰিলে ।কিন্তু বিজ্ঞান আহিল ক’ৰ পৰা? প্ৰকৃতিৰ ঘটনা -পৰিঘটনাৰ ৰহস্য ভেদেই বিজ্ঞান নহয় জানো! প্ৰকৃতিয়েই হৈছে মানৱ জীৱন সংগ্ৰামৰ আদি গুৰু ।পৰিস্থিতি তন্ত্ৰ ই হৈছে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ অন্যতম কাৰক ।মানুহৰ অত্যাধিক হাবিয়াসে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত ব্যাঘাত জন্মাইছ ।ফলস্বৰূপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ, খৰাং বতৰ, অতিবৃষ্টি, বায়ুমণ্ডলৰ উষ্ণতাৰ হ্ৰাস –
বৃদ্ধি আদিৰ দৰে জলবায়ুৰ পৰিবৰ্তনৰ লগতে সময়ে সময়ে মহামাৰী ৰূপ ধাৰণ কৰি প্ৰকৃতিয়ে মানৱ জাতিক শিক্ষা প্ৰদান কৰি আহিছে ।
বৰ্তমান সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা কৰোনা ভাইৰাছ বিধ ‘বৰদৈচিলা ‘ৰ দৰে নিশ্চয় নহয় ।এই ভাইৰাছ বিধৰ লগত সহবাস কৰিবলৈ নিজকে আমি অভিযোজন কৰি ল’ব লাগিব । অৱশ্যে বিজ্ঞানে ভাইৰাছ বিধৰ সংক্ৰমণৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ব্যৱস্থা মানৱ জাতিক প্ৰদান কৰিব ।তেতিয়ালৈকে আমি সজাগ আৰু সচেতনতাৰে সুৰক্ষিত হৈ থকাটো অতি প্ৰয়োজনীয় কথা ।চিকিৎসা বিজ্ঞানী সকলৰ মতে এই ভাইৰাছ বিধে কোনো ৰোগীক মৃত্যু মুখলৈ ঠেলি দিব নোৱাৰে যদিহে তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সক্ৰিয় হৈ থাকে ।যিহেতু ভাৰতবৰ্ষ এখন কৃষি প্ৰধান ৰাষ্ট্ৰ ।গতিকে কৃষি উৎপাদিত সামগ্ৰীয়েই হৈছে আমাৰ থলুৱা খাদ্য ।
এই থলুৱা খাদ্য সমূহেই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰি আহিছে ।’খাৰ খোৱা ‘ অসমীয়া খ্যাত আমি সবৰ ভাতেই হৈছে প্ৰধান আৰু অন্যতম খাদ্য ।ভাতক মূলতঃ কাৰ্বহাইড্ৰেট যুক্ত খাদ্য বোলা হয়, কিয়নো ইয়াত শৰ্কৰাৰ পৰিমাণ অধিক ।তাৰোপৰি ভাত ফচফৰাচ ,মেগনেছিয়াম,কেলছিয়াম আদি খাদ্যৰ লগতে ভিটামিন বি জাতীয় খাদ্যৰো মূল উৎস ।সেয়েহে ভাত হৈছে পুষ্টিৰ ভঁৰাল ।ৰাতি সাজৰ ভাত বেছি হ’লে পানী দি থোৱা অধিক সংখ্যক মহিলাৰে অভ্যাস ।পিছদিনা এই পানী দিয়া ভাতক পঁইতা ভাত বা জুৰণি বুলিও কোৱা হয় ।এই পঁইতা ভাত কিন্বণ প্ৰক্ৰিয়াৰে প্ৰস্তুত হয় ।অৰ্থাৎ ভাতত থকা প্ৰাকৃতিক শৰ্কৰাৰ পৰা ইষ্ট উৎপন্ন হয়। ইষ্ট ৰ প্ৰজনন ক্ষিপ্ৰতাৰে হয় আৰু ইহঁতৰ শ্বাস -প্ৰশ্বাসত কাৰ্বন -ডাই -অক্সাইড গেছ উৎপন্ন হয় ।সেয়ে আমি পঁইতা ভাতৰ ওপৰৰ পানী খিনিত ফেন উঠা দেখা পাঁও ।গৱেষক সকলে কৈছে যে পঁইতা ভাতত দেহৰ বাবে প্ৰয়োজনীয় খনিজ লৱণ সমুহ সৰহকৈ পোৱা যায় ।ফলত শৰীৰত খনিজ লৱণ নিৰ্দিষ্ট অনুপাতত বৰ্তি থাকে আৰু ছডিয়াম -পটাছিয়াম চক্ৰ ও সুস্থিৰ কৰি ৰাখে ।ছডিয়াম -পটাছিয়াম সমতুল্য অৱস্থাই শৰীৰৰ হৃদপিণ্ড বিকল হোৱা ৰ পৰা ৰক্ষা কৰে ।পোৰা আলু পিটিকা ৰ সৈতে পঁইতা ভাতৰ জুতিয়েই সুকীয়া ।
থলুৱা খাদ্য ৰ আন এবিধ অন্যতম ব্যঞ্জন হৈছে কলডিল আৰু কল -পচলা ।শৰীৰত আইৰণ ৰ অথবা হিমগ্লবিনৰ পৰিমাণ কমিলে চিকিৎসকে কলডিল আৰু কচু শাক খাবলৈ কয় ।এই দুই বিধ থলুৱা খাদ্য ত প্ৰচুৰ পৰিমাণে আইৰণ থকাৰ উপৰিও কলডিলে বিভিন্ন ৰোগ কঢ়িওৱা বীজাণু ৰ শ্ৰীবৃদ্ধিত বাধা দিয়ে ।মেলেৰিয়াৰ দৰে মহামাৰী ৰোগৰ বাবে কলডিল মহৌষধ ।কলডিলে শৰীৰত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত কৰি ৰাখে ।কলডিল ভিটামিন ছি, ভিটামিন এ ,ভিটামিন ই ৰ লগতে ছডিয়াম আৰু পটাছিয়ামৰো উৎস ।সেইদৰে কচুগুটি ত কেইবাবিধো ভিটামিন, খনিজ লৱণ, শৰ্কৰা, ফলিক এচিড ৰ উপৰিও মেগনেছিয়াম, আইৰণ, জিংক, পটাছিয়াম, মেংগানিজ আৰু ফছফৰাছ ৰ দৰে মৌল পোৱা যায় ।ই হজম শক্তি বৃদ্ধি কৰে ।আঁহ যুক্ত কচুৱে প্ৰতিজাৰক হিচাপে ও কাম কৰে ।ফলস্বৰূপে মৃত কোষ সৃষ্টিৰ সম্ভাৱনীয়তা হ্ৰাস পায় ।কচুৱে শৰীৰত তেজৰ চলাচল সুচল কৰি ৰাখে ।
আন এবিধ বাৰীৰ ঢাপৰ মহৌষধ হৈছে ঔটেঙা ।ঔটেঙা ত জীৱদেহৰ প্ৰয়োজনীয় উপাদান সমূহ থকাৰ বাবে জীৱদেহক নিৰোগী কৰি ৰাখে ।ইয়াত থকা ভিটামিন -ছি য়ে শৰীৰৰ কলাজেন নামৰ প্ৰটিন সংশ্লেষণ ত সহায় কৰে ।কলাজেনৰ উপস্থিতি য়ে শৰীৰৰ ছাল সুন্দৰ কৰি তোলাৰ লগতে দেহৰ ৰক্ত কণিকাৰ উৎপাদন অধিক গতিশীল কৰি তোলে ।
অতি হেঁপাহৰ থলুৱা খাদ্য এবিধ হৈছে চুঙা পিঠা ।বাঁহৰ চুঙাত চুঙা পিঠাৰো বিজ্ঞান সন্মত কাৰণ আছে ।যেনেকৈ গুৰুজনাই কলপাতত মাহ প্ৰসাদ খাবলৈ বা গৰম ভাত খাবলৈ শিকাই থৈ গৈছে ।বাঁহৰ চুঙাত বৰা চাউল ভৰাই জুইত পুৰিলে বাঁহত থকা ছেলুল’জ ৰ অৱক্ষয় হয় আৰু উৎপন্ন হোৱা ফিনলিক এচিড আৰু অন্যান্য উপাদান সমূহ পিঠাগুৰি বা চাউলৰ লগত মিলি শৰীৰত মিলিত হয় ।ই স্নায়ুতন্ত্ৰৰ লগতে হৃদপিণ্ড ও সবল কৰি ৰাখে ।
অতি ব্যস্ততা আৰু আধুনিকতাই নৱপ্ৰজন্মৰ মুখৰ জুতি থলুৱা খাদ্য ৰ পৰিবৰ্তে বিদেশী খাদ্য লৈ পৰিবৰ্তন কৰিলে ।গতিকে প্ৰতি গৰাকী মাতৃ বা নাৰীয়ে ই আমাৰ থলুৱা খাদ্য ৰ গুৰুত্ব বুজি পৰিয়াল টিৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে ।আমাৰ খাদ্যাভ্যাসেই আমাক কৰোনা ৰ লগত সহবাস কৰাত সহায়ক হব বুলি আশা কৰিব পাৰি ।

বন্দিতা শৰ্মা কন্দলি । দেৰগাঁও, গোলাঘাট ।