কৰ’নাত আক্ৰান্ত হৈ নতুনকৈ ১০৪জনলোকৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৪,১৮৪ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। যোৱা ২৪ঘণ্টাত নতুনকৈ ১০৪ জন লোকৰ মৃত্যু হৈছে।কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,১৫,৪৫৯জনলৈ বৃদ্ধি হৈছে। নতুনকৈ মৃত্যু হোৱা লোকৰ সকলৰ ভিতৰত ৭১ জন লোক কেৰালাৰ। আনহাতে সক্ৰিয় ঘটনাবোৰ ৪৪,৪৮৮ লৈ হ্ৰাস পাইছে।