ক্ৰমাৎ মৃত্যুৰ মুখলৈ গতি কৰা ৰাজ্যৰ ২৪খন উন্নয়ন প্ৰাধিকৰণ

pc Facebook

ক্ৰমাৎ মৃত্যুৰ মুখলৈ গতি কৰা ৰাজ্যৰ ২৪খন উন্নয়ন প্ৰাধিকৰণ

অনলাইন বাৰ্ত্তাসেৱা – কার্যতঃ উপাৰ্জনহীন হৈ সুস্পষ্ট নীতি আৰু পৰিকল্পনাৰ অভাৱত ক্ৰমাৎ মৃত্যুৰ মুখলৈ গতি কৰিছে ৰাজ্যৰ ২৪খন উন্নয়ন প্ৰাধিকৰণ তথা পুনৰ উজ্জীৱিতকৰণৰ হকে বছৰ বছৰ ধৰি আৰ্থিক অনুদান আগ নবঢ়োৱাত সন্মুখীন হৈছে তীব্র আর্থিক সংকটৰ।  গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেলত সদৌ অসম উন্নয়ন প্রাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চৰ সভাপতি বাণীকান্ত বৰুৱাই সদৰী কৰে যে উন্নয়ন প্রাধিকৰণসমূহত কৰ্মৰত তিনি শতাধিক কর্মচাৰী ৭২ মাহপর্যন্ত দৰমহাৰ পৰা বঞ্চিত হৈ আছে। ক্রমাগতভাৱে এই প্ৰাধিকৰণসমূহত সৃষ্টি হোৱা দুৰৱস্থাৰ বাবে দৰমহাৰ পৰা বঞ্চিত হৈ হাহাকাৰৰ কৰিবলগীয়া হৈছে তিনি শতাধিক কৰ্মচাৰী। লগতে সংবাদ মেলত তেওঁ কয় যে বৰ্তমান কৰ্মচাৰীসকলে মাহৰ পাছত মাহ ধৰি ন্যায্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে। এনে পৰিস্থিতিত চৰকাৰী অনুদান বিগত পাঁচটা বিত্তীয় বৰ্ষত প্রদান নকৰাত কৰ্মচাৰীসকলৰ পানীত হাঁহ নচৰা পৰিস্থিতি সৃষ্টি হৈছে।’ তৎসত্ত্বেও এই কৰ্মচাৰীসকলে প্রতিকূলতাৰ মাজত নিজৰ কৰ্তব্য পালন কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চই বিভিন্ন সময়ত চৰকাৰক স্মাৰক পত্ৰ প্ৰদানেৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। চাকৰি নিয়মীয়াকৰণ, সেৱা বিধি বলবৎ আদি বিভিন্ন দাবী উত্থাপন কৰি অহা হৈছে। বিভাগীয় মন্ত্ৰীৰ পৰা আৰম্ভ কৰি সংশ্লিষ্ট বিষয়ালৈকে বহুবাৰ সাক্ষাৎ কৰা হৈছে যদিও আজিপর্যন্ত চৰকাৰে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে। সেয়েহে বৰ্তমানৰ চৰকাৰখনক এক উচিত সিদ্ধান্ত গ্ৰহণ কৰি কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ আহান জনাই বৰুৱাই কয়— ‘অসম নগৰ আৰু গাঁও পৰিকল্পনা আইনৰ অধীনত সমগ্ৰ অসমত ২৪খন উন্নয়ন প্ৰাধিকৰণ গঠন কৰা হৈছে।

(UD.)