কোভিড-১৯ৰ ফলত বিধৱা হোৱা লোকসকলৰ বাবে ২.৫ লাখ টকা এককালীন সাহায্য

pc The Sentinel Assam

অনলাইন বাৰ্ত্তাসেৱা – অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে এখন আঁচনি মুকলি কৰে যাৰ ডৰিয়তে কোভিড-১৯ৰ ফলত স্বামীৰ মৃত্যু হোৱা মহিলাসকলক, যিসকলৰ  বাৰ্ষিক পাৰিবাৰিক উপাৰ্জন ৫ লাখতকৈও কম, তেওঁলোকক ২.৫ লাখ ৰ এককালীন বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব। ‘মুখ্যমন্ত্ৰীৰ কোভিড-১৯ত বিধৱা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহায্য আঁচনি’ৰ অধীনত, এতিয়ালৈকে কমেও ৮৭৩ গৰাকী হিতাধিকাৰী চিনাক্ত কৰা হৈছে, শৰ্মাই কয়।

(UD.)