কোভিড নিয়ম উলংঘন কৰিলে পুনৰ লকডাউনঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

pc-Financial Express

কোভিড নিয়ম উলংঘন কৰিলে পুনৰ লকডাউনঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অনলাইন বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত কোভিড নীতি-নিয়ম মানি নচলিলে ৰাজ্যত পুনৰ সম্পূৰ্ণ লকডাউন দিয়া হʼব বুলি সৰ্তক কৰি দিয়ে। জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কোভিড পৰিস্থিতি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা ৫০০ৰ তললৈ নামি আহিছে। আক্ৰান্তৰ সংখ্যা এইদৰে হ্ৰাস পোৱাটো স্বাভাৱিকতে আশাৰ বতৰা। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা চৰকাৰে সান্ধ্য আইনৰ নীতি নিয়ম অধিক শিথিল কৰাৰ প্ৰচেষ্টা হাতত লৈছে। নীতি-নিয়ম শিথিল কৰিব যদিও ৰাইজক কেতবোৰ বিষয়ৰ ক্ষেত্ৰত সৰ্তক হʼবলৈ আহ্বান জনায়। বিদ্যালয়, মহবিদ্যালয় বাছসেৱা আদি চৰকাৰে খুলি দিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। সান্ধ্য আইনৰ শিথিলতাৰ সুবিধা লৈ যদি কোভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা মানি নচলে তেন্তে ৰাজ্যত পুনৰ সম্পূৰ্ণ লকডাউনৰ দৰে পৰিৱেশলৈ উভতি যাব। চৰকাৰে সম্প্ৰতি দৈনিক কৰʼনা আক্ৰান্তৰ হাৰ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত কিছু বাধ্য-বাধকতা উঠাই দিব বিচাৰিছে যদিও পুনৰ আক্ৰান্তৰ হাৰ বৃদ্ধি পাই তেন্তে পুনৰ পূৰ্বৰ দৰেই কঠোৰ সান্ধ্য আইন বলৱৎ হʼব।

 

(RT)