‘কোভিড১৯ৰ তৃতীয় ঢৌৰ বাবে সোনকালে সাজু হওক চৰকাৰ’- উচ্চতম ন্যায়ালয়

দেশত কোভিড-১৯ৰ তৃতীয় ঢৌ প্ৰতিহত কৰাৰ বাবে এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰক সাজু হ’বলৈ কৈছে উচ্চতম ন্যায়ালয়ে। ‘কোৱা হৈছে যে কোভিডৰ তৃতীয় ঢৌত শিশুসকল অধিক সংক্ৰমিত হ’ব পাৰে, তেতিয়া মাক-দেউতাকে কি কৰিব? ইয়াকে লৈ আপোনালোকৰ প্ৰস্তুতি কি?’– কেন্দ্ৰীয় চৰকাৰক এনেদৰে প্ৰশ্ন কৰে উচ্চতম ন্যায়ালয়ে। সমগ্ৰ দেশতে অক্সিজেন যোগানৰ বিস্তিৃত পৰিকল্পনা প্ৰস্তুত কৰিবলৈও কয় ন্যায়ালয়ে। ‘আমি যদি এতিয়াৰে পৰা সাজু হওঁ, তৃতীয় ঢৌ মুকাবিলা কৰিব পাৰিম। সমগ্ৰ দেশতে অক্সিজেনৰ অতিৰিক্ত ভাণ্ডাৰ সাজু কৰিব লাগিব।’– ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্যি কয়।