কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ বিৰোধিতা কৰা কৃষকসকলে আৰম্ভ কৰিছে সংসদ পদযাত্ৰা

pc-news nation

অনলাইন বাৰ্ত্তাসেৱা- দিল্লীৰ উপৰাজ্যপাল অনিল বৈজালে ৯ আগষ্ট পৰ্যন্ত এই বিৰোধ প্ৰদৰ্শন কাৰ্যাসূচীৰ বাবে প্ৰতিদিনে সৰ্বাধিক ২০০ জন কৃষকক উপস্থিতিৰ বিশেষ অনুমতি প্ৰদান কৰিছে । দিল্লী আৰক্ষীয়ে জনোৱা মতে প্ৰতিদিনে চাৰিখন বাছত ২০০ জনীয়া কৃষকৰ দল সীমান্তৰ প্ৰতিবাদ স্থলীৰ পৰা যন্তৰ মন্তৰলৈ লৈ অহা হ’ব আৰু এই প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে সম্পূৰ্ণ সুৰক্ষাৰ প্ৰদান কৰিব। লগতে পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ প্ৰতিবাদ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে কৃষক সকলক। যন্তৰ মন্তৰত প্ৰৱেশ কৰা প্ৰতিজন কৃষকৰ হাতত থাকিব লাগিব ইউনাইটেড কিষাণ মৰ্চাই প্ৰদান কৰা একোখনকৈ পৰিচয় পত্ৰ। সেই পৰিচয় পত্ৰখন পৰীক্ষা কৰাৰ পাছতহে তেওঁলোকক প্ৰৱেশৰ অনুমতি প্ৰান কৰা হ’ব। কৃষি আইনৰ বিৰুদ্ধে অবিৰত প্ৰতিবাদ অব্যাহত ৰখা কৃষক সংগঠনসমূহৰ অন্যতম সংস্থা ইউনাইটেড কিষাণ মৰ্চা (এছকেএম)য়ে উল্লেখ কৰা মতে সংসদৰ বৰ্ষাকালীন অধিৱেশন অন্ত নপৰা পৰ্যন্ত যন্তৰ মন্তৰত তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব