কেন্দ্ৰীয় ইউপিপিএলৰ উদ্যোগত ডঃ ৰিন্টু দত্তক অভিনন্দন

কেন্দ্ৰীয় ইউপিপিএলৰ উদ্যোগত ডঃ ৰিন্টু দত্তক অভিনন্দন

অমৰজিৎ ৰাভা, ওদালগুৰি, বাৰ্ত্তাসেৱা – কেন্দ্ৰীয় ইউপিপিএলৰ উদ্যোগত জৈৱপ্ৰযুক্তিবিদ্যা দৰ্শনত ডঃ ডিগ্ৰী লাভ কৰা ৰিন্টু দত্তক অভিনন্দন। “বিটিআৰ ওদালগুৰি জিলাৰ নিবাসী ৩১ নং খৈৰাবাৰী সমষ্টিৰ অন্তৰ্গত খৈৰাবাৰী চহৰৰ বাসিন্দা ৰিন্টু দত্ত যোৱা ২০১৬ চনৰ পৰাই “জয়পুৰ স্থিত মহাৰাজা বিনায়ক গ্লোৱেল ইউনিভাৰচিটিত জৈৱ প্ৰযুক্তিবিদ্যাত অধ্যয়ন কৰি আছিল। শৈশৱ কালৰে পৰা ডঃ ডিগ্ৰীৰ সপোন পুহি ৰখা ৰিন্টু ডত্তৰ ২০২০ চনতে দৰ্শনৰ ডিগ্ৰী সম্পূৰ্ণ হ’ব লাগিছিল যদিও কৰো’নাৰ কালে নিৰ্ধাৰীত সময়ৰ সীমা পাৰ কৰি ২০২১ চনৰ ১৫ ছেপ্টেম্বৰত ৰিন্টু দত্তৰ কঠোৰ পৰিশ্ৰম আৰু শৈশৱৰ সপোন বাস্তৱত ৰূপয়িত হৈ দৰ্শন জৈৱপ্ৰযুক্তিবিদ্যাত ডঃডিগ্ৰী লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। সেয়েহে ১৮ ছেপ্টেম্বৰ শনিবাৰে কেন্দ্ৰীয় ইউপিপিএলৰ উদ্যোগত ৰিন্টু দত্তক উজ্জ্বল ভৱিষ্যৎ কামনা কৰি বড়ো জাতীয় সাচ আৰ্নাইয়েৰে সম্ভাষণ ও অভিনন্দন জনোৱা দেখা যায়।

(Amarjit Rabha)